ETV Bharat / state

লগে ভাগে এসাঁজ খালে টিংখাঙ বাসীয়ে

author img

By

Published : Dec 4, 2019, 2:58 PM IST

আঘোণ মানেই পথাৰ ভৰি হাউলি পৰা,সোণগুটি লখিমী চপোৱাৰ সময় ৷ অসমীয়া জাতীয় জীৱনত অপৰিসীম আঘোণৰ মহত্ব ৷

পৰম্পৰাগত লেচেৰী নৃত্যও পৰিবেশন গাঁৱৰ জীয়ৰীসকলৰ
সোনোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে সমূহীয়াকৈ পালন কৰিলে ন-খোৱা উৎসৱ

টিংখাঙ, 6 ডিচেম্বৰ: আঘোণ মানেই কৃষকৰ হেঁপাহৰ সময় ৷ আঘোণ মানেই পথাৰ ভৰি হাউলি পৰা,সোণগুটি লখিমী চপোৱাৰ সময় ৷ আঘোণৰ সোণোৱালী পথাৰৰ পৰা সোনগুটি চপোৱাৰ পিছত কৃষক সকলে পালন কৰে ন-খোৱা উৎসৱ | কৃষিজীৱী অসমীয়া ৰাইজৰ এক অন্যতম পৰম্পৰা এই উৎসৱ | আজিও অসমীয়া জাতীয় জীৱনত চহা কৃষকে জীয়াই ৰাখিছে এই ন-খোৱা পৰ্ব ৷

সোনোৱাল কছাৰী সকলৰ পৰম্পৰাগত লেচেৰী নৃত্যও পৰিবেশন
পৰম্পৰাগত ৰীতি-নীতিৰে লগে ভাগে এসাঁজ

এই পৰম্পৰা ৰক্ষা কৰি ডিব্ৰুগড় জিলাৰ টিংখাঙৰ চহৰীকটা টেপৰগুৰী গাঁৱত সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে সমূহীয়াকৈ পালন কৰিলে ন-খোৱা উৎসৱ। পৰম্পৰাগত ৰীতি-নীতিৰে সকলোৱে লগে ভাগে এসাঁজ খালে ন-খোৱা বুলি ৷

পৰম্পৰাত ন-খোৱা ন-খোৱা উৎসৱ পালন টিংখাঙবাসীৰ

লগতে ন-খোৱা পৰ্বৰ মাজতেই সোনোৱাল কছাৰী সকলৰ পৰম্পৰাগত লেচেৰী নৃত্যও পৰিবেশন কৰিলে গাঁৱৰ জীয়ৰীসকলে। এই পৰ্বক লৈ ব্যাপক ব্যস্ততা আৰু উচাহ পৰিলক্ষিত হ'ল অঞ্চলটোত ৷

লগতে পঢ়ক: 6 দিনীয়া কাৰ্যসূচীৰে "নলবাৰী গ্ৰন্থমেলা

Intro:টিংখাঙৰ চহৰীকটা টেপৰগুৰী গাঁওত সোনোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে পালন কৰিলে সমূহীয়াকৈ ন-খোৱা উৎসৱ ।

Body:টিংখাং -আঘোণৰ সোণোৱালী পথাৰৰ পৰা সোনগুটি চপোৱাৰ পিছত কৃষক সকলে পালন কৰে ন খোৱা উৎসৱ । চহা কৃষকসকলে ঘৰে ঘৰে নখোৱা উৎসৱ পালন কৰাৰ উপৰিও পালন কৰি আহিছে সমূহীয়াকৈ ন-খোৱা উৎসৱ । কৃষি জীৱি অসমীয়া ৰাইজৰ পৰম্পৰা হৈছে ন-খোৱা৷ অসমীয়া জাতীয় জীৱনৰ এই ন-খোৱা পৰ্ব আজিও চহা কৃষক ৰাইজে জীয়াই ৰাখিছে৷ কৃষি জীৱি ৰাইজে সোন গুটি চপোৱাৰ বতৰত এতিয়া পৰম্পৰাক জীয়াই ৰাখি ন-খোৱা পৰ্ব আৰম্ভ হৈছে৷ ইয়াৰ সমান্তৰালকৈ প্ৰতি বছৰৰ দৰে এই বছৰো পৰম্পৰা ৰক্ষা কৰি ডিব্ৰুগড় জিলাৰ টিংখাঙৰ চহৰীকটা টেপৰগুৰী গাঁওত সোনোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে পালন কৰিলে সমূহীয়াকৈ ন-খোৱা উৎসৱ । পৰম্পৰাগত ৰীতি-নীতিৰে ডেকা, গাভৰু, আবাল-বৃদ্ধ আৰু পুৰুষ মহিলাই লগে ভাগে এসাঁজ খালে উদৰ পুৰাই। সোনোৱালকছাৰী সকলৰ অন্যতম মূখ্য পূজা “ক্ষেত্ৰীয় পূজা” অনুষ্ঠিত কৰাৰ পিছদিনা এই অঞ্চলত সমূহীয়াকৈ ন-খোৱা উৎসৱ পালন কৰি আহিছে অঞ্চলবাসীয়ে । আনহাতে, ন খোৱা পৰ্বৰ মাজতেই সোনোৱাল কছাৰী সকলৰ পৰম্পৰাগত লেচেৰী নৃত্যও পৰিবেশন কৰিলে গাঁওৰ জীয়ৰীসকলে । এই ন-খোৱা পৰ্বক লৈ অঞ্চলটোত দেখা গল ব্যাপক ব্যস্ততা আৰু ব্যাপক উৎসাহ ।

বাইট-১,২,৩ স্হানীয় লোক।

টিংখাঙৰ পৰা দীপক গগৈ।Conclusion:ঐ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.