ETV Bharat / state

মৰাণৰ সাংস্কৃতিক শিল্পী জীৱন ঘৰফলীয়াক সম্বৰ্ধনা মুখ্যমন্ত্ৰীৰ

author img

By

Published : Sep 18, 2020, 3:51 AM IST

সাংস্কৃতিক শিল্পী, বৰ বিহুৱা , বিহুৰ বিচাৰক, একালৰ ভ্ৰাম্যমান থিয়েটাৰৰ বলিষ্ঠ অভিনেতা জীৱন ঘৰফলীয়াক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা ৷

Jiban Gharphalia felicitated by CM
Jiban Gharphalia felicitated by CM

মৰাণ, 17 ছেপ্টেম্বৰ : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে বৃহস্পতিবাৰে অসম প্ৰদেশ বিজেপিৰ উদ্যোগত ৰাজ্যখনৰ ৭০ গৰাকী লোকশিল্পীক বিশেষ সম্বৰ্ধনা জনোৱা হয় । গুৱাহাটীৰ কলাক্ষেত্ৰ অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বৰ্ধনা জনায় ৭০ গৰাকী বিশিষ্ট শিল্পীক ৷

Jiban Gharphalia felicitated by CM
জীৱন ঘৰফলীয়াক সম্বৰ্ধনা মুখ্যমন্ত্ৰীৰ

এই সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰে মৰাণ সমষ্টিৰ এগৰাকী সাংস্কৃতিক শিল্পী, বৰ বিহুৱা , বিহুৰ বিচাৰক, একালৰ ভ্ৰাম্যমান থিয়েটাৰৰ বলিষ্ঠ অভিনেতা জীৱন ঘৰফলীয়াই । মৰাণ বিধানসভা সমষ্টিৰ খোৱাং মাউতনি গাঁৱৰ নিবাসী জীৱন ঘৰফলীয়াক সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰী সোণোৱালে ।

Jiban Gharphalia felicitated by CM
শিল্পী জীৱন ঘৰফলীয়া

চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ থকা শিল্পীজনক দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনটোতে চৰকাৰে সম্বৰ্ধনা জনোৱাত পৰিয়ালৰ লগতে মৰাণৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে । মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়েও তেওঁক শুভেচ্ছা প্ৰদান কৰা বুলি শিল্পীজনে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা পৰজীৱী উদ্ভিদঃ AIUDF

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.