নিউজ ডেস্ক,২৫ এপ্ৰিলঃ মুখ্যমন্ত্ৰীৰ গৃহচহৰ চাবুৱাত শিল্পীক আক্ৰমণ দুৰ্বৃত্তৰ। মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ চাবুৱাৰ বিন্ধাকটাত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা অৱস্থাত কণ্ঠশিল্পী দীপলিনা ডেকাৰ সহযোগী সংগীত শিল্পীৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণ।
আক্ৰমণৰ ফলত সামান্যভাৱে আহত হয় দীপলিনা ডেকাৰ কেইবাগৰাকীও সহযোগী শিল্পী ৷ এই ঘটনাত সম্পূৰ্ণৰূপে ভাঙি চূৰমাৰ হয় বাহনখনৰ সন্মুখভাগ। জানিব পৰা মতে,আক্ৰমণ কৰা গাড়ীখনৰ নম্বৰ AS-01BC-5144। ইতিমধ্যে ঘটনা সন্দৰ্ভত এজন যুৱকক আটক কৰিছে চাবুৱা আৰক্ষীয়ে ।