ETV Bharat / state

অসমৰ প্ৰান্তে প্ৰান্তে শিল্পী সমাজৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Dec 10, 2019, 10:16 PM IST

গুৱাহাটী,মৰাণত কেব বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল শিল্পী সমাজ ৷ প্ৰতিবাদৰ মাজতে বৰষাৰাণী বিষয়াৰ বিশেষ ঘোষণা ৷ কেব বাতিল নহ'লে ফিল্ম ফেয়াৰৰ পৰা আৰম্ভ কৰি চৰকাৰৰ কোনো সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ নকৰে বৰষাৰাণী বিষয়াই ৷

Artist are come out to protest against CAB
শিল্পী সমাজৰ তীব্ৰ প্ৰতিবাদ

মৰাণ,10 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত সমগ্ৰ অসমতে দল-সংগঠনৰ লগতে সাহিত্যক, শিক্ষাবিদ, শিল্পী সমাজে কেব বাতিলৰ দাবীত ৰূপায়ন কৰি আছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যজুৰি শিল্পীসকলৰ প্ৰতিবাদৰ মাজতে মঙলবাৰে মৰাণত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু কুসুম কৈলাশৰ নেতৃত্বত কেবৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল মৰাণ শিল্পী সমাজ ৷ বন্ধৰ মাজতে মৰাণৰ ৰাজপথত জাতীয় সংগঠনৰ লগতে বিভিন্ন অনুষ্ঠানে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল । ৰাইজৰ প্ৰতিবাদৰ সমান্তৰালভাৱে শিল্পী সমাজক নেতৃত্ব দি ৰাজপথলৈ ওলাই অহা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে অসমীয়া ভাষাক অৱমাননা কৰা সকলৰ প্ৰতি কঠোৰ হ'বলৈ চৰকাৰক আহ্বান জনালে প্ৰতিবাদস্থলীৰ পৰা । প্ৰতিবাদস্থলীতে শিল্পী গৰাকীয়ে কয় -" অসমত অসমীয়াৰ ৰাজত্বই হ'ব লাগিব । মাতৃ ভাষা আৰু মাতৃভূমি মোৰ কাৰণে প্ৰধান । অসমীয়াৰ বিপদৰ সময়ত অসমবাসী একগোট হৈ থকাটো প্ৰয়োজন যাতে অপশক্তিয়ে ভাগ ভাগ কৰিব নোৱাৰে ।" প্ৰতিবাদত অংশ লৈ আন এগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে কয় " কেব বিৰোধিতা আগৰ পৰাই কৰি আহিছো আৰু ভৱিষ্যতেও কৰি যাম । অসমীয়া জাতি নিঃশেষ কৰিব পৰা কোনো সিদ্ধান্ত মানি লোৱা নহ'ব । অসমীয়াক কেতিয়াও কিনিব নোৱাৰিব ।" লগতে অসমৰ সকলো দল সংগঠনক একগোট হৈ এই জাতি ধংসকাৰী বিধেয়কৰ বিৰুদ্ধে মাত মাতি যাবলৈ শিল্পী গৰাকীয়ে আহ্বান জনায় । মৰাণৰ সকলো শিল্পী কলা-কুশলীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত মৰাণ মহাবিদ্যালয় আৰু মৰাণ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় । মুঠৰ ওপৰত বন্ধৰ মাজতে কেব বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰিল মৰাণ চহৰ ।

মৰাণত তীব্ৰ প্ৰতিবাদ

গুৱাহাটী,10 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি শিল্পী সমাজে উলিয়ালে প্ৰতিবাদী সমদল । শ্বহীদ ন্যাসৰ সন্মুখতে শিল্পী সমাজৰ প্ৰতিজ্ঞা কেব বাতিল নকৰা পৰ্যন্ত চৰকাৰী কোনো অনুষ্ঠানত অংশগ্ৰহণ নকৰে শিল্পী সমাজে। শিল্পী সমাজৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠিছে তীব্ৰ প্ৰতিবাদ । মঙলবাৰে বৰষা ৰাণী বিষয়াই সাংবাদিকৰ সমুখত অৱগত কৰে যে, কেব বাতিল নোহোৱা পৰ্যন্ত শিল্পী সমাজে চৰকাৰী কোনো কাৰ্যসূচীত অংশগ্ৰহণ নকৰে । লগতে অনুষ্ঠিত হ'ব লগা ফিল্ম ফেয়াৰ অনুষ্ঠানতো উপস্থিত নাথাকে বুলি জনালে বৰষা ৰাণী বিষয়াই ৷

গুৱাহাটীত তীব্ৰ প্ৰতিবাদ

লগতে পঢ়কঃকেবৰ বিৰোধিতাঃ চৰকাৰে প্ৰদান কৰা ৰাষ্ট্ৰীয় বঁটা প্ৰত্যাহাৰ পৰিচালক জাহ্নু বৰুৱাৰ

Intro:

প্ৰতিবেদক মৰাণ :১০ ডিচেম্বৰ

জাতি ধংসকাৰী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্ৰ অসমতে দল-সংগঠনৰ লগতে সাহিত্যক,শিক্ষাবিদ,শিল্পী সমাজে কেব বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি থকা সময়তে আজি মৰাণত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু কুসুম কৈলাশৰ নেতৃত্বত কেব বিৰোধিতাৰে মৰাণ শিল্পী সমাজ ৰাজপথলৈ ওলাই আহিল । উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া অসম বন্ধ আহ্বান কৰাত মৰাণত এই বন্ধ সৰ্বাত্মক কৰি তুলিছিল মৰাণৰ সকলো জাতি-জনগোষ্ঠীয় সংগঠনে একত্ৰিত হৈ । বন্ধৰ মাজতে মৰাণৰ ৰাজপথত জাতীয় সংগঠনৰ লগতে বিভিন্ন অনুষ্ঠানে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিছিল । ৰাইজৰ প্ৰতিবাদৰ সমান্তৰালভাৱে শিল্পী সমাজক নেতৃত্ব দি ৰাজপথলৈ ওলাই অহা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে অসমীয়া ভাষাক অৱমাননা কৰা সকলৰ প্ৰতি কঠোৰ হ'বলৈ চৰকাৰক আহ্বান জনালে প্ৰতিবাদ স্থলীৰ পৰা । প্ৰতিবাদ স্থলীতে শিল্পী গৰাকীয়ে কয় -অসমত অসমীয়াৰ ৰাজত্বই হ'ব লাগিব । মাতৃ ভাষা আৰু মাতৃভূমি মোৰ কাৰণে প্ৰধান । অসমীয়াৰ বিপদৰ সময়ত অসমবাসী একগোট হৈ থকাটো প্ৰয়োজন যাতে অপশক্তিয়ে ভাগ ভাগ কৰিব নোৱাৰে । প্ৰতিবাদত অংশ লৈ আন এগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে কয় কেব বিৰোধিতা আগৰ পৰাই কৰি আহিছো আৰু ভৱিষ্যতেও কৰি যাম । অসমীয়া জাতি নিঃশেষ কৰিব পৰা কোনো সিদ্ধান্ত মানি লোৱা নহ'ব । অসমীয়াক কেতিয়াও কিনিব নোৱাৰিব । অসমৰ সকলো দল সংগঠনক একগোট হৈ এই জাতি ধংসকাৰী বিধেয়কৰ বিৰুদ্ধে মাত মাতি যাবলৈ শিল্পী গৰাকীয়ে আহ্বান জনায় । মৰাণৰ সকলো শিল্পী কলা কোশলীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্য্যসূচীত মৰাণ মহাবিদ্যালয় আৰু মৰাণ মহিলা মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় । মুঠৰ ওপৰত বন্ধৰ মাজতে কেব বিৰোধী প্ৰতিবাদে উত্তাল হৈ পৰিল মৰাণ চহৰত ।

Byte-নীল আকাশ
Byte- কুসুম কৈলাশ

Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.