টিংখাং, ২৪ ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ টিংখাঙত অনুস্থিত হয় আসাম প্ৰেছ কৰেছপ'ণ্ডেন্টচ ইউনিয়ন চমুকৈ আপকুৰ প্ৰতিনিধি সভা । ৰাজগড় সাই বিবাহ ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ডিব্ৰুগড় জিলাৰ এই অন্তিম প্ৰতিনিধি সভাখন ।
![ডিব্ৰুগড় জিলা আপকুৰ অন্তিম খন প্ৰতিনিধি সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tingkhong-apakur-epresentative-meeting-801-to-805-dipok-gogoi-asc10071_24122020190133_2412f_1608816693_95.jpg)
আপকুৰ জিলা সভাপতি আব্দুল ৰাজ্জাকৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত কেন্দ্ৰীয় সভাপতি মনোজ সিঙে পৰ্যবেক্ষক ৰূপে উপস্থিত থাকে । আপকুৰ লক্ষ্য আৰু উদ্দেশ্যৰ লগতে মফচলীয় সাংবাদিকৰ ন্যায্য়প্ৰাপ্তি, সুৰক্ষা আৰু অধিকাৰৰ সন্দৰ্ভত বিস্তৃত আলোকপাত কৰে কেন্দ্ৰীয় সভাপতি মনোজ সিঙে ।
![৩১ জনীয়া নৱনিৰ্বাচিত আপকু ডিব্ৰুগড় জিলাৰ দুবছৰীয়া সমিতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tingkhong-apakur-epresentative-meeting-801-to-805-dipok-gogoi-asc10071_24122020190133_2412f_1608816693_969.jpg)
সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সম্পাদক স্মৃতিৰেখা কলিতাই । এই সভাতে ৩১ জনীয়া নৱ-নিৰ্বাচিত আপকু ডিব্ৰুগড় জিলাৰ দুবছৰীয়া সমিতিখন গঠন কৰা হয় । সমিতি খনত সভাপতি হিচাপে নিৰ্বাচন কৰা হয় ডিব্ৰুগড়ৰ ধৰণী গগৈক, কাৰ্যকৰী সভাপতি হিচাপে উৎপল চলিহা , সম্পাদক হিচাপে নিৰ্বাচন কৰা হয় কৃষ্ণা গগৈক । লগতে কোষাধ্যক্ষ পদত নিৰ্বাচিত হয় টেঙাখাটৰ দীপক গগৈ ।
সভাখনত কেন্দ্ৰীয় প্ৰতিনিধি হিচাপে ডিব্ৰুগড় জিলাৰ পৰা আব্দুল ৰাজ্জাক আৰু নামৰূপৰ স্মৃতিৰেখা কলিতাৰ নাম মনোনীত কৰে । সভাত বক্তব্য ৰাখে ৰাজ্যিক বিজেপিৰ মিডিয়া সম্পৰ্ক বিভাগৰ সদস্য বিষ্ণু কোচ, সমাজসেৱক সঞ্জয় কালোৱাৰ আৰু টিংখাং আঞ্চলিকৰ ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মনোজ শ্বাহে ।
লগতে পঢ়ক :অনাথ শিশুৰ মাজত খাদ্য বিতৰণ অসম ৰাইফলছৰ