ETV Bharat / state

মুখ্যমন্ত্ৰীত্বৰ সময়ত অসমবাসীক জীয়া ঠগন দিছে সৰ্বানন্দই : ভূপেন বৰা

author img

By

Published : Aug 23, 2021, 10:07 PM IST

‘‘বিজেপিয়ে অসমবাসী ৰাইজৰ পৰা আত্মগোপন কৰি থকা সোণোৱালক লৈ এতিয়া নিজৰ ব্যৰ্থতা ঢাকিবলৈ জন আৰ্শীবাদ যাত্ৰা কৰিছে ৷ কিন্তু এই যাত্ৰাৰ নাম জনতাৰ ওচৰত ক্ষমা বিচাৰি কৰা যাত্ৰা দিব লাগিছিল ৷’’ বিজেপি দলক তীব্ৰ সমালোচনা কৰি এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

congress
ভূপেন বৰা

ডিব্ৰুগড়, 23 আগষ্ট : ‘‘কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰ্শীবাদ যাত্ৰা নহয়,অসমৰ ৰাইজৰ আগত ক্ষমা-প্ৰাৰ্থনা যাত্ৰাহে কৰক । প্ৰতিটো সমষ্টিয়ে সমষ্টিয়ে অসমবাসীৰ ওচৰত আৰ্শীবাদ কিয় আঁঠুলৈ ক্ষমা-প্ৰাৰ্থনা যাত্ৰা কৰক সৰ্বানন্দ সোণোৱালে । পাঁচ বছৰীয়া মুখ্যমন্ত্ৰীত্বৰ সময়ত অসমবাসীক জীয়া ঠগন দিছে সৰ্বানন্দই ।’’ ডিব্ৰুগড়ত এনেদৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নৱনিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ।

লগতে পঢ়ক : Jan Ashirwad Yatra : কোনে কিয় কৰিলে ৰাজনীতি ?

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈ প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়লৈ অহা ভূপেন কুমাৰ বৰাই ডিব্ৰুগড়ত এক দলীয় সভাত অংশ গ্ৰহণ কৰি এক সংবাদ মেল সম্বোধন কৰে ৷ সংবাদমেলত শাসক পক্ষক তীব্ৰ ভাষাৰে সমালোচনা কৰে ভূপেন কুমাৰ বৰাই ৷ তেওঁ কয় যে, বিজেপিয়ে অসমবাসী ৰাইজৰ পৰা আত্মগোপন কৰি থকা সোণোৱালক লৈ এতিয়া নিজৰ ব্যৰ্থতা ঢাকিবলৈ জন আৰ্শীবাদ যাত্ৰা কৰিছে ৷ কিন্তু এই যাত্ৰাৰ নাম জনতাৰ ওচৰত ক্ষমা বিচাৰি কৰা যাত্ৰা দিব লাগিছিল ৷ সৰ্বানন্দ সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰাক লৈ পূৰ্বতেও সমালোচনা কৰি ভূপেন বৰাই ইয়াৰ অৰ্থ বুজি পোৱা নাই বুলি মন্তব্য কৰিছিল ৷

সৰ্বানন্দ সোণোৱালক কটাক্ষ ভূপেন বৰাৰ

লগতে পঢ়ক : ৰাজ কুন্দ্ৰাতকৈয়ো ভয়াৱহ জাল তেজপুৰৰ ৱাহিদৰ: হাজিৰ কৰিলে আদালতত

মাজুলীৰ জনতাৰ আস্থাক নসাৎ কৰি দিল্লীত আত্মগোপন, অসম চুক্তিৰ ছয় নং দফা সন্দৰ্ভত মৌনতা, ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ প্ৰতিশ্ৰুতি, ৰাজহুৱা সম্পদ বিক্ৰী, NRC, মাহে ১০০০ কোটি টকাৰ গৰু চিণ্ডিকেট, ড্ৰাগছ চিণ্ডিকেট, দুৰ্নীতি মুক্ত অসমৰ শ্ল’গান, নিবনুৱা মুক্ত অসমৰ শ্ল’গান আদি বিভিন্ন ব্যৰ্থতা ঢাকিবলৈ আৰ্শীবাদ যাত্ৰা কৰিছে বুলি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভূপেন কুমাৰ বৰাই ।

লগতে পঢ়ক : সাংবাদিক সকলে বুজি পোৱা ইচ্যু নহয় সীমা সংঘাত : হিমন্ত বিশ্ব শৰ্মা

আনহাতে, সোমবাৰে তিতাবৰৰ কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱাই সৰ্বানন্দ সোণোৱালৰ আৰ্শীবাদ যাত্ৰাৰ সময়ত আদৰণি জনোৱা কাৰ্যক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ থকাৰ সময়ত সভাপতি ভূপেন বৰাই এই বিষয়টো সন্দৰ্ভত তদন্ত কৰাৰ বাবে বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াক দায়িত্ব দিয়া বুলি অৱগত কৰে ৷ যোৰহাটৰ জিলা উপায়ুক্তই উক্ত সভালৈ নিমন্ত্ৰণ জনোৱা বাবেহে বিধায়ক গৰাকী যোৱা বুলি সভাপতি ভূপেন বৰাই সাংবাদিকৰ আগত জানিবলৈ দিয়ে ।

আনহাতে, দেৱব্ৰত শইকীয়াই তিতাবৰৰ বিধায়ক গৰাকীয়েও সৰ্বানন্দ সোণোৱালৰ আৰ্শীবাদ যাত্ৰা শীৰ্ষক সভাত উপস্থিত থকা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয় যে, উপায়ুক্তই আমন্ত্ৰণ জনোৱাৰ বাবেহে ভাস্কৰ বৰুৱা সেই সভালৈ গৈছিল ৷ প্ৰশাসনযন্ত্ৰক ৰাজনীতিৰ বলেৰে বেঁকাকৈ চলোৱা বুলি শাসক পক্ষক কটাক্ষ কৰে দেৱব্ৰত শইকীয়াই ৷

লগতে পঢ়ক : তিতাবৰতো অনুষ্ঠিত হ’ব নেকি উপ-নিৰ্বাচন ?

ইফালে মহাজোঁটৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিবলৈ ছেপ্টেম্বৰত ৰাজ্যলৈ আহিব কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা ৷ ইয়াৰ পূৰ্বে চৰাইদেউত এখন সভাত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, মহাযোঁটক লৈ কংগ্ৰেছৰ ভিতৰ চ’ৰাত চলিছে গুমগুমনি ৷ মহাযোঁট সন্দৰ্ভত এটা অবিশ্বাস আৰু সন্দেহৰ বাতাবৰণ সৃষ্টি হৈছে ৷ মহাযোঁটৰ সদস্যৰ মাজত বিজেপিমুখী চিন্তাই নষ্ট কৰিছে মহাযোঁটৰ ধৰ্ম ৷

এতিয়া কংগ্ৰেছে নতুন ব্লু-প্ৰিন্টে উপ-নিৰ্বাচনত কি ফল দেখুৱাই অথবা ভাস্কৰ বৰুৱাৰ জন আশীৰ্বাদ যাত্ৰাৰ বিষয়টো কিমান গভীৰলৈকে যায় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷ কংগ্ৰেছ এই সংবাদ মেলত সোমবাৰে ভূপেন বৰাৰ উপৰিও উপস্থিত থাকে দেৱব্ৰত শইকীয়া,পৱন সিং ঘাটোৱাৰ, পৃথ্বী মাঝি, প্ৰণতি ফুকনকে ধৰি অন্যান্য নেতাসকল ।

লগতে পঢ়ক : বিশ্বাসৰ অভাৱে উপ-নিৰ্বাচনৰ অংকত আউল লগাব নেকি মহাযোঁটক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.