ETV Bharat / state

Bhupen Bora New Poem: হয়, মই শিল-বালিৰ সৈতে খোজ কাঢ়িছো: ভূপেন বৰা

author img

By

Published : Dec 9, 2022, 8:39 PM IST

‘‘ কবিতা হৈছে কবিৰ মনৰ স্বতঃস্ফূৰ্ত এটা বহিঃপ্ৰকাশ, কবিতাই কিমান প্ৰভাৱ পেলাব সেয়া মই ভাবি থকা নাই ৷ কবিতাটোৰ সৃষ্টিৰ আঁৰত আছে মুখ্যমন্ত্ৰীয়ে আমাক লৈ কৰা এটা কটাক্ষ’’- আকৌ কবিতা লিখি এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ(APCC Bhupen Bora) ৷

Bhupen Bora New Poem
‘হয়, মই শিল-বালিৰ সৈতে খুজ কাঢ়িছোঁ’- পুনৰ কবিতা লিখি চৰ্চাত APCCৰ সভাপতি ভূপেন বৰা

মৰাণ, 9 ডিচেম্বৰ: আকৌ ৰাজ্যত কবিতা ৰাজনীতি(Poem Politics) ৷ এইবাৰ পুনৰ কবিতা লিখিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ সময়ে সময়ে কবিতা লিখি ৰাজ্যৰ ৰাজনীতিত চৰ্চিত হৈ আহিছে APCCৰ সভাপতি ভূপেন বৰা(APCC President Bhupen Bora) ৷ এইবাৰ ডিব্ৰুগড়ৰ মৰাণত নিজে লিখা কবিতা পাঠ কৰিলে ভূপেন বৰাই ৷ কবিতা পাঠ কৰি কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্ৰাক লৈ বিজেপিয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে(Bharat Jodo Yatra) ৷

পুনৰ কবিতা লিখি চৰ্চাত APCCৰ সভাপতি ভূপেন বৰা

উল্লেখ্য যে দেশজুৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল ‘ভাৰত জোড়ো’ যাত্ৰা(Rahul Gandhi) ৷ তাৰ অংশ স্বৰূপে অসমতো প্ৰদেশ কংগ্ৰেছে ধুবুৰীৰ পৰা আৰম্ভ কৰিছিল এই যাত্ৰা ৷ শুকুৰবাৰে এই যাত্ৰা আৰম্ভ কৰিলে মাহমৰা ব্লক কংগ্ৰেছে ৷ মৰাণৰ খটখটিৰ পৰা আৰম্ভ কৰি মৰাণ নগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বটামৰালৈকে পদযাত্ৰা কৰে কংগ্ৰেছে ৷

এই যাত্ৰাত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ মন্তব্য- ‘মুখ্যমন্ত্ৰীয়ে ভাৰত জোড়ো যাত্ৰাক কটাক্ষ কৰা বাবে শিল বালিক লৈ কবিতা লিখিছোঁ’ ৷ এজন অভিজ্ঞ মুখ্যমন্ত্ৰীয়ে ভাৰত জোড়ো যাত্ৰাক উপলুঙা কৰাৰ বাবে এই কবিতা লিখিব লগা হ'ল বুলিও সংবাদমাধ্যমৰ আগত সদৰী কৰে ভূপেন বৰাই ৷ ‘‘ কবিতা হৈছে কবিৰ মনৰ স্বতঃস্ফূৰ্ত এটা বহিঃপ্ৰকাশ, কবিতাই কিমান প্ৰভাৱ পেলাব সেয়া মই ভাবি থকা নাই ৷ কবিতাটোৰ সৃষ্টিৰ আঁৰত আছে মুখ্যমন্ত্ৰীয়ে আমাক লৈ কৰা এটা কটাক্ষ’’- এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ(APCC Bhupen Bora) ৷

উল্লেখ্য যে মৰাণৰ ‘ভাৰত জোড়ো’ যাত্ৰাত অংশগ্ৰহণ কৰে শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে ৷ সভাপতি ভূপেন বৰাৰ লগতে ৰাণা গোস্বামী, দেবব্ৰত শইকীয়, বিস্মিতা গগৈ, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, এতোৱা মুণ্ডা, সুৰুজ দিহিঙীয়াৰ লগতে কেইবাগৰাকী জেষ্ঠ কংগ্ৰেছ কৰ্মীয়ে অংশ লয় এই যাত্ৰাত(Assam Congress Leader) ৷

মৰাণ খটখটিত মাংগলিক কাৰ্যসূচীৰে আৰম্ভ কৰা ‘ভাৰত জোড়ো’ যাত্ৰাত প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই লগতে মন্তব্য কৰি কয় যে, ‘‘গুজৰাটত কংগ্ৰেছেই একমাত্ৰ বিকল্প হ'ব ৷ আপে ভোট বিভাজন কৰাৰ বাবেহে বিজেপি জিকিছে’’(Bhupen Bora on Gujrat Assembly Election) । ইফালে, হিমন্ত বিশ্বক শৰ্মাক মুখ্যমন্ত্ৰী বনাবৰ বাবে আজমলেই সপোন দেখিছিল বুলিও কটাক্ষ কৰে ভূপেন বৰাই(CM Himanta Biswa Sarma) ৷

লগতে পঢ়ক: Mission Basundhara 2: ভূমিৰ অধিকাৰ বিচাৰি আবেদন কৰিবলৈ গৈ থমকি ৰৈছে বহু খিলঞ্জীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.