ETV Bharat / state

Bhupen Borah slams PM: প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ৰাজহুৱা ধন অপচয়ৰ অভিযোগ ভূপেন বৰাৰ - PM over Pulwama attack

ডিব্ৰুগড়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল (APCC President Press meet in Dibrugarh) ৷ এই সংবাদমেলতে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটুভাষাৰে সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই (APCC President criticized PM Modi) ৷

APCC President Press meet in Dibrugarh
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল
author img

By

Published : Apr 24, 2023, 4:10 PM IST

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল

ডিব্ৰুগড়, 24 এপ্ৰিল: ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু প্ৰাক্তন গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ ভুল নীতিৰ বাবেই পুলৱামাৰ ঘটনাত 40 জনকৈ ভাৰতীয় জোৱানৰ শ্বহীদ হ'বলগীয়া হৈছে ৷ লগতে কেন্দ্ৰীয় চৰকাৰৰ ৰোষত পৰিছে প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক ।’’ সোমবাৰে ডিব্ৰুগড়ৰ আমোলাপট্টি হোটেল ট্ৰী ফাৰ্ণত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC President criticized PM Modi) ৷

তেওঁ লগতে কয়, ‘‘প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল যে, ৰাজহুৱা দনৰ অপচয় হ’লে আমি সহ্য নকৰো ৷ কিন্তু সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে আকৌ বিগত 8 বছৰত 6491 কোটি টকা বিজ্ঞাপনৰ নামত খৰছ কৰিছে ৷ কিন্তু 5 খন বিমান ভাৰতীয় জোৱানৰ বাবে যোগান ধৰিব নোৱাৰিলে ৷ যাৰ বাবে পুলৱামাৰত 40 জনকৈ ভাৰতীয় জোৱান শ্বহীদ হ’ব লগা হ’ল ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত এই ঘটনাৰ অজুহাত দেখুৱাই ভোট ভিক্ষা কৰা দেখা গৈছিল প্ৰধানমন্ত্ৰী মোডীক’’ (APCC President Press meet in Dibrugarh) ৷

APCC ৰ সভাপতি ভূপেন বৰাই আৰু কয়, ‘‘ইফালে ভাৰতীয় জোৱানৰ শ্বহীদ হ’বলগীয়া হোৱা বুলি অভিযোগ তুলি কেন্দ্ৰীয় চৰকাৰৰ ৰোষত পৰিছে প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক । নৰেন্দ্ৰ মোডী চৰকাৰৰ দিনত বৃহৎ ৰাজহুৱা ধনৰ অপচয় হোৱা বুলিও তেওঁ অভিযোগ আনিছিল । মোডী চৰকাৰৰ স্বৰূপ উদঙাই দিয়াৰ বাবে সত্যপালৰ পক্ষত কংগ্ৰেছে অৱস্থান গ্ৰহণ কৰিছে’’ ৷

আনহাতে, একালত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক মৌন মোহন আখ্যা দিয়া নৰেন্দ্ৰ মোডীয়ে কেতিয়া মৌনতা ভংগ কৰিব বুলিও উক্ত সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে APCC ৰ সভাপতিগৰাকীয়ে ৷ সত্য কোৱাৰ বাবে যদিহে সত্যপাল মালিকক গ্ৰেপ্তাৰ কৰে, তেনেহ’লে সমগ্ৰ ৰাজ্যতে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ প্ৰদান কৰে । ইফালে ইয়াৰ প্ৰতিবাদত অহা 27 এপ্ৰিলত গুৱাহাটীত বিৰোধী উমৈহতীয়া বৈঠকো আহ্বান জনোৱা হৈছে বুলি উল্লেখ কৰে APCC ৰ সভাপতিগৰাকীয়ে ৷

আনহাতে, বহিস্কৃত কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ প্ৰসংগ ফালৰি কাটিলে APCC ৰ সভাপতি ভূপেন বৰাই । অৱশ্যে এই সংবাদমেলতে কাৰাগাৰত খালিস্তানপন্থী নেতাক বন্দী কৰি ৰখা প্ৰসংগতো চৰকাৰক কটাক্ষ কৰে বৰাই । উল্লেখ্য যে, সোমবাৰে ডিব্ৰুগড়ত আয়োজন কৰা এই সংবাদমেলত উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনকে ধৰি দলটোৰ বহু জ্যেষ্ঠ নেতা ।

লগতে পঢ়ক : Modi surname issue: আজি পাটনা আদালতত ৰাহুল গান্ধীৰ আবেদনক লৈ শুনানি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.