ডিব্ৰুগড়, 5 ডিচেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিংকাণ্ডই আঠটা দিন অতিক্ৰম কৰিলে (DU ragging incident)৷ ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত যুদ্ধকালীনভাৱে চিকিৎসা চলি আছে ৰেগিঙৰ ভুক্তভোগী আনন্দ শৰ্মাৰ (Ragging victim Anand Sarmah)।
সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ চিকিৎসাধীন ভুক্তভোগী আনন্দ শৰ্মাৰ কাষত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত হয় । আদিত্য হাস্পতালত উপস্থিত হৈ ছাত্ৰজনৰ স্বাস্থ্য বুজ ল'লে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে (Ranoj Pegu took stock of Anand Sarmah)৷ ছাত্ৰজনৰ স্বাস্থ্যৰ বুজ লোৱাৰ সময়ত শিক্ষামন্ত্ৰীগৰাকীয়ে আনন্দ শৰ্মাৰ শিক্ষাৰ সংক্ৰান্তত সন্মুখীন হোৱা সমস্যাসমূহ দূৰ কৰিবলৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে ।
ইয়াৰ লগতে প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক ৰেগিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰেগিঙৰ বিৰুদ্ধে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত এন্টি ৰেগিং কমিটিসমূহ শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে (Anti ragging squad in Assam College Universities) । এই ক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ব্যৰ্থ হ'লে আৰক্ষীয়ে হস্তক্ষেপ কৰিব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ।
লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়াৰে পৰা মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত অকৰ্তৃত্বশীল অৰ্থাৎ অবৈধভাৱে কোনো ছাত্ৰ থাকিব নোৱাৰিব ৷ ইতিমধ্যে শিক্ষানুষ্ঠানখনৰ পৰা উত্তীৰ্ণ অথবা ওলাই যোৱা কোনো ছাত্ৰই ছাত্ৰাবাসত থকাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে, ৰেগিঙৰ ভুক্তভোগী হৈ ২৭ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ(Dibrugarh University) ছাত্ৰ আনন্দ শৰ্মাই জপিয়াই দিছিল দ্বিতীয় মহলাৰ পৰা ৷ ফলত গুৰুতৰভাৱে আহত হৈছিল ছাত্ৰজন ৷ সম্প্ৰতি ডিব্ৰুগড়ৰ আদিত্য হাস্পতালত চিকিৎসাধীন হৈ আছে গুৰুতৰভাৱে আহত ছাত্ৰজন ৷
ছাত্ৰজনৰ স্বাস্থ্যৰ বুজ লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ বৰ্তমান পূৰ্বতকৈ সুস্থ ৷ মঙলবাৰে আই চি ইউৰ পৰা ছাত্ৰজনক বাহিৰলৈ উলিওৱা হ’ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ সম্প্ৰতি ছাত্ৰজনে উঠা-বহা কৰিব পৰা হৈছে বুলি জানিবলৈ দি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে আনন্দ শৰ্মাৰ ফিজিঅ’থেৰাপি কৰি থকা হৈছে (Health condition of Anand Sarmah)৷
লগতে পঢ়ক : DU Ragging Update: ৰাহুলক জেৰা চলাবলৈ ডিব্ৰুগড়ত উপস্থিত DIG জিৎমল দলে