ETV Bharat / state

মৰাণৰ ৰাজপথত শতাধিক ছাত্ৰ-ছাত্ৰীৰ 'ৰণহুংকাৰ' - মৰাণৰ ৰাজপথত শতাধিক ছাত্ৰ-ছাত্ৰীৰ 'ৰণহুংকাৰ'

সোমবাৰে মৰাণৰ ৰাজপথত CAA ৰ বিৰোধিতাৰে ওলাই আহিল শতাধিক ছাত্ৰ-ছাত্ৰী ৷ মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ উদ্যোগত আৰু মৰাণৰ ছাত্ৰ সমাজৰ সহযোগত ছাত্ৰ সমাজে গ্ৰহণ কৰে 'ৰণহুংকাৰ' কাৰ্যসূচী ৷

শতাধিক ছাত্ৰ-ছাত্ৰীৰ 'ৰণহুংকাৰ'
শতাধিক ছাত্ৰ-ছাত্ৰীৰ 'ৰণহুংকাৰ'
author img

By

Published : Dec 21, 2020, 4:22 PM IST

মৰাণ, 21 ডিচেম্বৰ : ৰাজ্যত পুনৰ গা কৰি উঠিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদে ৷ সোমবাৰে মৰাণৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল একাংশ ছাত্ৰ-ছাত্ৰীৰ 'ৰণহুংকাৰ' ৷ মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ উদ্যোগত আৰু মৰাণৰ ছাত্ৰ সমাজৰ সহযোগত আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীত শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷

মৰাণৰ ৰাজপথত শতাধিক ছাত্ৰ-ছাত্ৰীৰ 'ৰণহুংকাৰ'

মৰাণ মহাবিদ্যালয় খেল পথাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীটোত মৰাণ মহাবিদ্যালয়, মৰাণ মহিলা মহাবিদ্যালয়, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰাণ কণিষ্ঠ মহাবিদ্যালয় শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰে ৷ চৰকাৰ বিৰোধী শতাধিক ছাত্ৰ-ছাত্ৰীৰ শ্ল'গানৰ ধ্বনিৰে সোমবাৰে উত্তাল গৈ পৰিল মৰাণ চহৰ ৷ মুঠতে জাতি ধ্বংসী অভিহিত আইনখন যদি চৰকাৰে বাতিল নকৰে তেন্তে ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণীকোঠা এৰি ৰাজপথত ধাৰাবাহিক আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: কেন্দ্ৰীয় অ'বিচি তালিকাত অন্তৰ্ভুক্তিৰ দাবীৰে বিষ্ণুপ্ৰিয়া মণিপুৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.