ডিব্ৰুগড়,11 নৱেম্বৰঃ মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা অসমীয়া ভাষাৰ তৰুণ লেখক-লেখিকাসকলক উদগণি যোগাবলৈ প্ৰদান কৰি অহা হৈছে "মুনীন বৰকটকী সাহিত্য বঁটা"৷ ২০১৯ বৰ্ষৰ ২৫ সংখ্যক "মুনীন বৰকটকী সাহিত্য বঁটা" "ৎ"আৰু "ম'হ-যখ" নামৰ কবিতা আৰু গল্পৰ পাণ্ডুলিপিৰ বাবে অসমীয়া ভাষাৰ তৰুণ কবি অংকুৰ ৰঞ্জন ফুকন আৰু গল্পকাৰ মনোৰঞ্জন বড়িলৈ আগবঢ়োৱা হৈছে ৷ ১৯৯৫ চনৰ পৰা অসমীয়া ভাষাৰ নবীন লেখক-লেখিকাসকলক উদগণি যোগোৱাৰ উদ্দেশ্যে প্ৰদান কৰি অহা এই বঁটাত থাকে নগদ ৫০,০০০ (পঞ্চাশ হাজাৰ) টকা, এটা স্মাৰক আৰু এখনি প্ৰশস্তি পত্ৰ ৷ মৰাণৰ তৰুণ কবি তথা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ অংকুৰ ৰঞ্জন ফুকনৰ এই কৃতিত্বত উৎফুল্লিত হৈ পৰিছে মৰাণবাসী ৰাইজ ৷
চৰাইদেউ জিলাৰ বকতা বৈৰাগীবৰ গাঁৱত জন্ম গ্ৰহণ কৰা অংকুৰে বৈৰাগীবৰ যশস্যাজ্যোতি প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰে ৷ মৰাণ জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ মৰাণ মহাবিদ্যালয়ত কলা বিভাগত নাম ভৰ্ত্তি কৰিছিল ৷ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অসমীয়া, শিক্ষাতত্ব, ৰাজনীতি বিজ্ঞান আৰু তৰ্ক আৰু দৰ্শনশাস্ত্ৰত লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হোৱা অংকুৰ মৰাণ পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ সৰ্বাধিক নম্বৰ প্ৰাপ্ত পৰীক্ষাৰ্থীৰ সন্মান অৰ্জন কৰিছিল ৷ পৰৱৰ্তী সময়ত মৰাণ মহাবিদ্যালয়তে ৰাজনীতি বিজ্ঞান বিষয়ত সন্মানসহ স্নাত্বক ডিগ্ৰী লোৱা অংকুৰে কটন বিশ্ববিদ্যালযৰৰ পৰা ২০১৭ চনত ৰাজনীতি বিজ্ঞান বিষয়ত আৰু চলিত বৰ্ষত সমাজকত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷
ছাত্ৰাৱস্থাৰে পৰা সাহিত্য চৰ্চা আৰম্ভ কৰা অংকুৰ তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বিপুল ফুকন আৰু মামনী ফুকনৰ সন্তান ৷ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া মুনীন বৰকটকী ২৫ সংখ্যক সাহিত্য বঁটা প্ৰদান অনুষ্ঠানত অংকুৰ আৰু মনোৰঞ্জনক এই বঁটা প্ৰদান কৰা হ'ব বুলি মুনীন বৰকটকী স্মাৰক ন্যাসৰ কৰ্মকৰ্তাই জানিবলৈ দিছে ৷