ETV Bharat / state

ডিব্ৰুগড়ত সকলো সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি - জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ

ডিব্ৰুগড়ত ৰাজহ চক্ৰৰ অধীনৰ সকলো সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে ৷ নিৰ্দেশ ভংগ কৰা সকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব বিহীত ব্যৱস্থা ৷

ডিব্ৰুগড়ৰ ৰাজহ চক্ৰৰ অধীনৰ সকলো সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ নিৰ্দ্দেশ জাৰি

author img

By

Published : May 8, 2021, 10:15 PM IST

মৰাণ,8মে': ডিব্ৰুগড় জিলাত ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ শনিবাৰে জিলাখনত এই মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জিলাখনৰ উপায়ুক্ত, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫-ৰ অধীনত এক নিৰ্দেশ জাৰী কৰে ৷ এই নিৰ্দেশ অনুসৰি, জিলাখনৰ উন্নয়ন খণ্ড, ৰাজহ চক্ৰৰ অধীনৰ লীজত চলি থকা সকলো সাপ্তাহিক হাট-বজাৰ বন্ধ ৰাখিব লাগিব ৷ নিৰ্দেশ ভংগ কৰা সকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব বিহীত ব্যৱস্থা ৷

উল্লেখ্য যে, বৰ্তমানলৈকে জিলা খনত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৪,৮৯৩ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মুঠ ৩৯ জনৰ মৃত্যু হৈছে । শনিবাৰৰ দিনটোতে 5 গৰাকীকৈ লোকৰ মৃত্যু হয় এই মহামাৰীত আক্ৰান্ত হৈ ৷

অন্য এক খবৰৰ বাবে: ডিফুত পথ দুৰ্ঘটনাত আহত এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.