ETV Bharat / state

ডিব্ৰুগড়ত উপায়ুক্তৰ কাৰ্যালয়ত শিক্ষা বিভাগৰ পৰ্যালোচনা সভা

মঙলবাৰে ডিব্ৰুগড়ত জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় শিক্ষা বিভাগৰ পৰ্যালোচনা সভা । নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঠদান আৰম্ভ হোৱা বিদ্যালয়সমূহ কেনেদৰে পৰিচালিত হৈছে সেই বিষয়ে শিক্ষা বিষয়াৰে আলোচনা কৰে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

ডিব্ৰুগড়ত উপায়ুক্তৰ কাৰ্যালয়ত শিক্ষা বিভাগৰ পৰ্যালোচনা সভা
ডিব্ৰুগড়ত উপায়ুক্তৰ কাৰ্যালয়ত শিক্ষা বিভাগৰ পৰ্যালোচনা সভা
author img

By

Published : Jan 5, 2021, 8:05 PM IST

মৰাণ, ৫ জানুৱাৰী: কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ ভয়াৱহতা কম হোৱাৰ লগে লগে ৰাজ্যৰ অন্য জিলাসমূহৰ লগতে ডিব্ৰুগড়তো বিদ্যালয়-মহাবিদ্যালয়সমূহত যোৱা ১ জানুৱাৰীৰ পৰা পাঠদান আৰম্ভ হৈছে । বিদ্যালয়সমূহত পাঠদান কৰাক লৈ শিক্ষা বিভাগে কিছু নীতি-নিয়ম নিৰ্ধাৰণ কৰি দিছে । এতিয়া জিলাখনৰ বিদ্যালয়সমূহ সঠিকভাৱে পৰিচালিত হৈছে নে নাই সেই বিষয়ে আলোচনা কৰিবলৈ মঙলবাৰে ডিব্ৰুগড়ত জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।

ডিব্ৰুগড়ত উপায়ুক্তৰ কাৰ্যালয়ত শিক্ষা বিভাগৰ পৰ্যালোচনা সভা
ডিব্ৰুগড়ত উপায়ুক্তৰ কাৰ্যালয়ত শিক্ষা বিভাগৰ পৰ্যালোচনা সভা

উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত শিক্ষা বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷ এই বিষয়ে শিক্ষা বিষয়াৰে আলোচনা কৰে । শেহতীয়াকৈ বিদ্যালয়সমূহত পাঠদান প্ৰক্ৰিয়া পুনৰ আৰম্ভ হোৱাৰ পিছত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ,ছাত্ৰ-ছাত্ৰীয়ে অভিভাৱকৰ অনুমতি পত্ৰ জমা দিছেনে নাই,বিদ্যালয়সমূহ চাফ-চিকুণ কৰি ৰখা হৈছেনে নাই আদি বিষয়ত আলোচনা কৰা হয় ৷

শিক্ষা বিভাগে নিৰ্ধাৰণ কৰি দিয়া সকলো নীতি-নিয়ম পালন কৰি পাঠদান প্ৰক্ৰিয়া চলাই নিবলৈ নিৰ্দেশ দিয়ে জিলা উপায়ুক্তগৰাকীয়ে । সভাত অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱাও উপস্থিত থাকে ।

লগতে পঢ়ক:কাৰ্বি আংলঙত পৰাম্পৰাগত ৰংকেৰ পূজা পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.