ETV Bharat / state

COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া সূক্ষ্মভাৱে নিৰীক্ষণৰ নিৰ্দেশ ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ - জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা

COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক । টীকাকৰণ অভিযান সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিলে জিলা উপায়ুক্তই ।

COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া সূক্ষ্মভাৱে নিৰীক্ষণৰ নিৰ্দেশ ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ

author img

By

Published : Jan 22, 2021, 8:21 PM IST

মৰাণ, ২২ জানুৱাৰী: শুক্ৰবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । ৰাজ্যত অব্যাহত থকা COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত স্বাস্থ্য বিভাগৰ বিষয়াৰে আলোচনাত মিলিত হয় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা । উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকা আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ কৃষ্ণা কেম্প্ৰাই, এ এম চি এইচৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অনুপ দাস আৰু ডিব্ৰুগড়ৰ লাহোৱালস্থিত আই চি এম আৰ-আৰ এম আৰ চিৰ নডেল বিষয়া তথা বিজ্ঞানী ড৹ বিশ্বজ্যোতি বৰকাকতি উপস্থিত থাকে ৷

সভাত উপায়ুক্ত পল্লৱ গোপাল ঝাই স্বাস্থ্য বিভাগক COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ টীকাকৰণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ বাবে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক:ধেমাজিত ৭২ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.