ETV Bharat / state

ধেমেচীৰ পথাৰত ট্ৰেক্টৰ চলোৱা ছোৱালীজনী - কন্যা সন্তানৰ সজাগতাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ

কন্যা সন্তানৰ সজাগতাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে । তাৰ পিছতো একাংশ নিষ্ঠুৰ লোকে কন্যা সন্তান হত্যাৰ দৰে চৰম পথ লোৱা দেখা যায় । কিন্তু অসমৰ এখন ভিতৰুৱা গাঁৱত এগৰাকী কন্যা সন্তানৰ বাবে গৌৰৱ কৰিছে তেওঁৰ পিতৃয়ে । কিয়নো ট্ৰেক্টৰ চলাই নিতৌ কৃষি কৰ্মত কন্যাই সহায় কৰিছে পিতৃক । কেৱল এয়াই নহয় বহুতৰ বাবে আদৰ্শ হৈ পৰিছে দশমমানৰ ছাত্ৰীগৰাকী ।

an-ideal-student-of-dhemechi
ধেমেচীত টেক্টৰ লৈ কৃষিকৰ্মত ব্যস্ত এগৰাকী ছাত্ৰী
author img

By

Published : Jun 24, 2021, 10:08 PM IST

Updated : Jun 24, 2021, 10:14 PM IST

মৰাণ, ২৪ জুন : এতিয়া খেতিৰ বতৰ । সেয়ে পথাৰত ব্যস্ত হৈ পৰিছে সকলো কৃষক । কিন্তু তাৰ মাজতে ডিব্ৰুগড় জিলাৰ ধেমেচীত দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য । এবিঘা দুবিঘাকৈ হাল বাই গৈছে এখন ট্ৰেক্টৰে ।

কিন্তু ট্ৰেক্টৰ চালকগৰাকী কোনো পুৰুষ নহয় । চালকৰ আসনত এগৰাকী যুৱতীহে । মনোৰঞ্জনৰ বাবে তেওঁ ট্ৰেক্টৰ চলোৱা নাই । পথাৰত পিতৃক সহায়ৰ বাবে এনেদৰে নিতৌ চলাইছে ট্ৰেক্টৰ ।

প্ৰতিদিনে ১০ ৰ পৰা ১৫ বিঘা মাটি হাল বাই এইগৰাকী দশমমানৰ ছাত্ৰী আয়ত্ৰীয়ে । ১১ বছৰৰ পৰাই ট্ৰেক্টৰ চলাবলৈ শিকা আয়ত্ৰীয়ে এতিয়া খেতিৰ বতৰত পিতৃক সহায় কৰিছে । ইফালে ৪ টা সন্তানৰ পিতৃও আজি সুখী ।

ধেমেচীত টেক্টৰ লৈ কৃষিকৰ্মত ব্যস্ত এগৰাকী ছাত্ৰী

দুখন ট্ৰেক্টৰলৈ পৰিয়াল পোহ পাল দিয়া গজেন চৌধুৰী আজি গৌৰৱান্বিত তেওঁৰ কন্যাকলৈ । শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাত অনলাইনযোগে আয়ত্ৰীয়ে পঢ়া শুনা কৰি আছে । কিন্তু তাৰ উপৰিও ট্ৰেক্টৰ চলোৱাৰ লগতে আৰু মাতৃক কামত সহায় কৰি দিছে আয়ত্ৰীয়ে । মুঠতে সকলো দিশৰ পৰা পাৰ্গত আয়ত্ৰী ।

বৰ্তমান সময়ত কৃষি কৰ্মৰ প্ৰতি আগ্ৰহ নাই নৱপ্ৰজন্মৰ কিন্তু তেনে সময়তে এইগৰাকী ছাত্ৰী আয়ত্ৰী এতিয়া বহুতৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে । আনকি সকলো ছাত্ৰীলৈ আয়ত্ৰীৰ আহ্বান । যি সময়ত দেশত বেটি বচাও বেটি পঢ়াওৰ দৰে আঁচনিৰ জৰিয়তে চৰকাৰকে ৰাইজক কন্যা সন্তানৰ সজাগতাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । তেনে সময়ত এখন ভিতৰুৱা গাঁৱত এগৰাকী দশমমানৰ ছাত্ৰীয়ে এনেদৰে ট্ৰেক্টৰ চলাই কৃষি কৰ্মত পিতৃক সহায় কৰা ঘটনাই এক বিশেষ চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক: কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Last Updated : Jun 24, 2021, 10:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.