মৰাণ,24 নৱেম্বৰ : "মানুহে জীৱনত যথেষ্ট দীঘলীয়া সময় পায় ৷ যিসকলে এই সময়ৰ সদ ব্যৱহাৰ কৰি কাম কৰি যায়, তেওঁলোকৰ জীৱন সুখৰ হয় আৰু সেইসকল ব্যক্তি সমাজৰ আদৰ্শ স্বৰূপ হৈ পৰে ৷ কৰ্মৰ সন্ধান আৰু সময় নিজে নিৰূপন কৰিব লাগিব ৷"- এই মন্তব্য কৰে মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি হিচাপে অংশ লোৱা সফল খেতিয়ক ছাহজাহান দিহিঙ্গীয়াৰ ৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ পথালিবাম তেলিয়া পথাৰ গাঁৱৰ চাৰিকুৰি পাঁচ বছৰীয়া বিশিষ্ট ব্যক্তিগৰাকীয়ে 22 নৱেম্বৰত মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথিৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷
![As_Moran_An_ideal_farmer_of_Moran_img_As10031](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8012to8017-anidealfarmerofmoranparticipateasguestofmoranpressclub-as10031_24112020170554_2411f_1606217754_364.jpg)
উল্লেখ্য যে, ছাহজাহান দিহিঙীয়াই শিক্ষকতাৰ লগতে কৃষি কাৰ্যও চলাই গৈছে ৷ 230 জোপা চোম গছ ৰোপন কৰি মুগা পলু আৰু ডেৰ বিঘা মাটিত পাণৰ খেতি কৰি আৰ্থিকভাৱে লাভৱান হৈছে ছাহজাহান দিহিঙীয়াই ৷ ল'কডাউনৰ সময়চোৱাত দুই পুত্ৰৰ সহযোগত 17 বিঘা মাটিত উন্নত জাতৰ জাহাজী কলৰ খেতিৰে এখন কলবাৰীৰ জন্ম দিছে ৷
![As_Moran_An_ideal_farmer_of_Moran_img_As10031](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8012to8017-anidealfarmerofmoranparticipateasguestofmoranpressclub-as10031_24112020170554_2411f_1606217754_940.jpg)
কলগছৰ মাজে মাজে তামোল গছৰ পুলি ৰোপন কৰি অঞ্চলটোত এক ব্যতিক্ৰমী ধাৰনাৰ সূচনা কৰিছে ৷ অতি কৌশলেৰে শিক্ষাদান কৰি ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ প্ৰতি আকৃষ্ট কৰি বিদ্যালয়ত উপস্থিত থাকিবলৈ বাধ্য কৰোৱা ছাহজাহান দিহিঙীয়াক ২০১৯ চনৰ ১৫ আগষ্টত ডিব্ৰুগড় চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত জিলা প্ৰশাসনৰ হৈ অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কৃতি শিক্ষক ৰূপে সম্বৰ্ধনা জনাইছিল ৷
লগতে পঢ়ক:নগাঁৱত ড্ৰাগছসহ আটক তিনিজনকৈ সৰবৰাহকাৰী