মৰাণ,13 নৱেম্বৰ: ডিব্ৰুগড়ৰ এজন প্ৰতিভাৱান যুৱক,যিয়ে সাহিত্য চৰ্চাৰ সমান্তৰালকৈ ৯০ দশকতে অভিনয় জগতত ভৰি থৈ নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল ৷ বৰ্তমান জৈৱিক কৃষি কৰ্মৰ দ্বাৰা নিদৰ্শন দেখুওৱাবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ চাচনী মৌজাৰ অন্তৰ্গত বামুনী গাঁৱৰ দীপক বৰাই। তেওঁ একেধাৰে এজন সমাজকৰ্মী,কবি,ঘোষক,বিচাৰক,বেংক কৰ্মচাৰী,অভিনেতা আৰু এজন আদৰ্শ খেতিয়ক। "সেউজ জীৱন" নামৰ এখন জৈৱিক কৃষি পামৰ যোগেদি কৃষি ক্ষেত্ৰখনতো নিজৰ দক্ষতা,দায়বদ্ধতাৰ নিদৰ্শন দেখুৱাইছে ৷
ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ জৈৱিক সাৰ প্ৰস্তুত কৰি বিভিন্ন প্ৰকাৰৰ শাক-পাচলি উৎপাদনৰ ওপৰিও মাছ পালনেৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহজন নিৱনুৱাক সংস্থাপন দিবলৈ সক্ষম হৈছে । সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৃষিকাৰ্য কৰাৰ সপোন দেখা উদ্যমী যুৱক দীপক বৰাই কয়,"লক ডাউনৰ সময়ত ৰাজ্যত নিবনুৱা ভয়াৱহ ৰূপত বৃদ্ধি পাইছে । জীৱন জীৱিকাৰ তাড়নাত ৰাজ্যৰ লক্ষ-লক্ষ শিক্ষিত নিৱনুৱাই চৰকাৰী-বেচৰকাৰী কোনো খণ্ডতে সংস্থাপনৰ সুবিধা নাপায় হাহাকাৰ কৰি ফুৰিছে। এইসকল নিবনুৱাই এতিয়া কৰ্মসংস্কৃতিক সম্পূৰ্ণৰূপে গুৰুত্ব প্ৰদান কৰিব লাগিব। কৃষি কৰ্মৰ যোগেদি স্বাৱলম্বী হ'ব নিবিচাৰিলে ৰাজ্য খনত আৰু দুগুণ বৃদ্ধি পাব নিবনুৱা সমস্যা"।
![As_Moran_An ideal farmer of Dibrugarh_vis_As10031](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9532079_g5rut.jpg)
কম মাটিতে কিদৰে কেইবাটাও খেতি কৰি অধিক লাভৱান হ'ব পাৰি তেনে উদ্দেশ্যকে সাৰোগত কৰি দীপক বৰাই ডিব্ৰুগড় লাহোৱালৰ বকুলত উক্ত জৈৱিক পামখন স্থাপন কৰি তাত চাৰিটা প্ৰজাতিৰ অমিতা,ৰেড লেডি,ৰেড ৰয়েল,অষ্টেলিয়ান গ্ৰীণবেৰী আৰু চম্পা বৰ্ণসংকৰ জাতৰ অমিতাৰ উপৰিও বীজ নথকা কাজি নেমু,তামোল-পাণকে ধৰি অন্যান্য ৰবি আৰু খাৰিফ শাক-পাচলি উৎপাদন কৰি আদৰ্শ দেখুৱাইছে।
![As_Moran_An ideal farmer of Dibrugarh_vis_As10031](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9532079_kyk.jpg)
আনহাতে ল'ক ডাউনৰ সময়ত নতুনকৈ ফল-মূলৰ এখন নাৰ্চাৰী শুভাৰম্ভ কৰে। তদুপৰি এই নাৰ্চাৰীখনত বিভিন্ন প্ৰজাতিৰ কল, নাৰিকল, ড্ৰেগন, অষ্টেলিয়াৰ বিলাহী, জলকীয়া, থাইলেণ্ডৰ কঁঠাল, মধুৰী আম, তেজপুৰৰ লিচু,কাশ্মীৰি আপেল, বগৰী, ৰঙা জাতৰ কল আৰু বিভিন্ন জাতৰ ফুলৰ পুলি পোৱা যায় এই সেউজ জীৱন ফাৰ্ম খনত।
লগতে পঢ়ক :বাষ্টাৰৰ নক্সাল মহিলাক চেনিটেৰী নেপকিন বিতৰণ