ETV Bharat / state

আহক দিনৰ পোহৰত নহয় ৰাতিৰ আন্ধাৰত বেপাৰী-গ্ৰাহকৰ ভিৰ লগা বজাৰখনলৈ যাওঁ - weekly market in Dibrugarh

অসমৰ এখন ব্যতিক্ৰমী সাপ্তাহিক বজাৰ ৷ নিশা 2 বজাত বহা বজাৰখনলৈ দূৰ-দূৰণিৰ পৰা আহে গ্ৰাহক ৷ কিন্তু পোহৰ হোৱাৰ লগে লগে চিন মোকাম নাথাকে বজাৰখনৰ ৷

An exceptional weekly market in Dibrugarh
পোহৰ হোৱাৰ লগে লগে চিন মোকাম নাথকা এখন বজাৰখন
author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 1:54 PM IST

Updated : Dec 17, 2023, 2:01 PM IST

পোহৰ হোৱাৰ লগে লগে চিন মোকাম নাথকা এখন বজাৰখন

ডিব্ৰুগড়, 17 ডিচেম্বৰ : ব্যতিক্ৰমী এখন বিশেষ সাপ্তাহিক বজাৰ ৷ পিচে আপুনি মই সততে দেখা দৈনিক বা সাপ্তাহিক বজাৰ নহয় এইখন ৷ কাৰণ দিনৰ আলোকত বা সন্ধিয়াৰ পোহৰত আপুনি দেখিবলৈ নাপাব এইখন বজাৰ ৷ যি সময়ত আপুনি মই গভীৰ নিদ্ৰাত থাকো সেই সময়তে কৃষকে উৎপাদিত ফচল লৈ উপস্থিত হয় এই বজাৰখনলৈ ৷

প্ৰায় 50 বছৰীয়া পুৰণি বজাৰখনলৈ পাচলি ক্ৰয় কৰিবলৈ দূৰ-দূৰণিৰ পৰা আহে পাচলি ব্যৱসায়ী ৷ কাৰণ বজাৰখনত পাচলিৰ দাম কম ৷ কেৱল সিমানে, নহয় প্ৰতি সপ্তাহৰ শনিবাৰে নিশা 2 বজাৰ পৰা বজাৰ আৰম্ভ হয় যদিও পোহৰ হোৱাৰ লগে লগে কোনো চিন-মোকাম নাথাকে বজাৰখনৰ ৷ সম্ভৱত অসমৰ প্ৰথমখন এনে সাপ্তাহিক বজাৰ যিখন বজাৰ নিশা ২ বজাৰ পৰা আৰম্ভ হয় আৰু পোহৰ হোৱাৰ লগে লগে শেষ হয় ৷ এই বজাৰখন আছে ডিব্ৰুগড়ৰ চহৰীকটাত ৷

উল্লেখ্য যে, পূৰ্বে লেম্প অথবা টিপ চাকিৰ পোহৰত বজাৰখন বহিছিল ৷ কিন্তু কালক্ৰমত এতিয়া বৈদ্যুতিক লাইটৰ ব্যৱস্থা হৈছে বজাৰস্থলীত ৷ নিজে উৎপাদন কৰা পাচলিসমূহ লৈ উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কৃষকসকল এই শনিবৰীয়া বিশেষ বজাৰখনলৈ আহে ৷ আনহাতে নিশা দুই বজাতে বেপাৰীৰ লগতে কৃষকৰ পৰা পাচলি ক্ৰয় কৰিবলৈ আহে স্থানীয় ৰাইজ ৷

কোনো ধৰণৰ গাড়ী ভাড়া নকৰাকৈ কৃষকসকলে নিজৰ উৎপাদিত ফচলসমূহ শনিবৰীয়া বজাৰখনলৈ বিক্ৰী কৰিবলৈ লৈ আহে ৷ নিশাই বহা শনিবৰীয়া বজাৰখনে উজনিৰ কৃষকৰ বাবে আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে অৰ্থনৈতিক বৰভেঁটি গঢ়াত যথেষ্ট অৰিহনা যোগাইছে ৷ সেয়ে এই বিশেষ বজাৰখন বৰ্তমান চৰ্চালৈ আহিছে ৷

লগতে পঢ়ক : আজিৰে পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা

Last Updated : Dec 17, 2023, 2:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.