ETV Bharat / state

ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্র-ছাত্ৰী মিলন সমাৰোহ - ৪৫ বছৰৰ পূৰ্বৰ স্মৃতি

সোণালী অতীতৰ সোঁৱৰণীও সোণালী । টিংখাঙত ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্র-ছাত্ৰী মিলন সমাৰোহ । ৪৫ বছৰৰ পূৰ্বৰ স্মৃতি সুঁৱৰি আবেগিক সকলো ।

টিংখাঙত প্ৰাক্তন ছাত্র-ছাত্ৰী মিলন সমাৰোহ

author img

By

Published : Feb 14, 2021, 6:00 PM IST

টিংখাং, ১৪ ফেব্ৰুৱাৰী: ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্র-ছাত্ৰী মিলন সমাৰোহ । সুদীৰ্ঘ ৪৫ বছৰ পিছত মিলন ছাত্ৰ-ছাত্ৰীসকলৰ । ৪৫ বছৰৰ আগৰ স্মৃতি সুঁৱৰি আবেগিক সকলো ।

১৯৬৯ বৰ্ষত ৰাজগড় উচ্চ ইংৰাজী বিদ্যালয় বৰ্তমানৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল দেওবাৰে পুনৰ মিলন হয় টিংখাঙৰ ৰাজগড়ত । বৰ্তমান ৰাজ্যৰ বিভিন্ন ঠাইত কৰ্মৰত তথা বিভিন্ন জনে অৱসৰ গ্ৰহণ কৰি নিজৰ-নিজৰ ক্ষেত্ৰত ব্যস্ত হৈ থকাৰ মাজতে দেওবাৰে যতীন বৰশইকীয়া, ৰাজেন ভট্ৰ, খগেন ছেত্ৰী আদিৰ নেতৃত্বত সোণালী অতীতৰ 'সোঁৱৰণী সোণালী' শীৰ্ষক নামেৰে এখনি মিলন সমাৰোহ অনুষ্ঠিত কৰা হয় ।

টিংখাঙৰ ৰাজগড়স্থিত নিধিবন বিবাহ ভৱনত শিক্ষয়িত্ৰী উৰ্মিলা গন্ধীয়া ফুকনৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত বিভিন্ন জনে নিজৰ-নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে কোনোজনে কবিতা আবৃত্তি কৰিছে, কোনোজনে গান গাই আনন্দ ফূৰ্তি কৰাৰ মাজতে কোনোজনে অতীতৰ স্মৃতি সুঁৱৰি আবেগ বিহ্বল হৈ চকুলো টুকে । মনোগ্ৰাহী এই অনুষ্ঠানটোৱে সকলোকে আপ্লুত কৰি তোলে ।

লগতে পঢ়ক:বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া পদৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.