ETV Bharat / state

Allegations of extortion: আটছা আৰু আছা নেতাৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 3:10 PM IST

টিংখাঙত ধনদাবী কৰি চাহ খেতিয়কক হাৰাশাস্তি কৰাৰ গুৰুত্বৰ অভিযোগ আটছা, আছা নেতাৰ বিৰুদ্ধে । ঘটনাৰ লগত জড়িত নেতাক বহিষ্কাৰ কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বলৈ পত্ৰ প্ৰেৰণ ভুক্তভোগীৰ । ন্যায়ৰ অপেক্ষাত চাহ খেতিয়ক ।

Allegations of extortion against ATSA and AASA leaders
আটছা আৰু আছা নেতাৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ

টিংখাং,২২ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ ঘোষণা কৰিছিল কোনো দল-সংগঠনে চান্দা বা ধন দাবী কৰি কোনো ব্যৱসায়ীক হাৰাশাস্তি কৰিব নোৱাৰিব । লগতে কৈছিল অভিযোগ পালে লোৱা হ'ব কঠোৰ ব্যৱস্থা । মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নী যেন এতিয়া পাহৰি গ'ল একাংশ দল-সংগঠনৰ নেতাই । এইবাৰ ডিব্ৰুগড়ৰ টিংখাঙত আটছা, আছা নেতাৰ বিৰুদ্ধে উত্থাপিত হৈছে অবৈধ ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ ।

শিশু শ্ৰমিকৰ দোহাই দি এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা দাবী ধমকিৰে ৮০ হাজাৰ টকা লোৱাৰ গুৰুতৰ অভিযোগ টিংখাঙৰ অসম চাহ জনজাতি ছাত্র সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ কেইজনমান নেতাৰ বিৰুদ্ধে । ধনৰ লেনদেনৰ এটা অ'ডিঅ ইতিমধ্যে ভাইৰেল হৈছে সামাজিক মাধ্যমত । ইয়াৰ পাছতে আটছা আৰু আছা নেতাৰ এনে কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ টিংখাঙত ।

অমৃত পুৰ্টি নামৰ যিজন আটছা নেতাৰ সৈতে টেলিফোনিক বাৰ্তালাপ হৈছে উক্ত ভাইৰেল হোৱা অ'ডিঅটোত টকা লোৱাৰ সম্পূৰ্ণ সত্যতা প্ৰকাশ পাইছে । ঘটনা অনুসৰি কেইটামান দিনৰ পুৰ্বে টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত পিঠাপথাৰ গাঁৱৰ চাহ খেতিয়ক পুতুল খাটনীয়াৰে নিজৰ চাহ বাগিচাত কাম কৰিবলৈ শ্ৰমিক কঢ়িয়াই অনা এখন গাড়ীত শিশু শ্ৰমিক অনাৰ অভিযোগ উত্থাপন কৰি উল্লেখিত সংগঠনৰ যুৱক কেইজনে জব্দ কৰি ৰাজগড় আৰক্ষী চকীলৈ লৈ আনিছিল ।

পৰৱৰ্তী সময়ত পুনৰ বৃহৎ পৰিমাণৰ ধনৰ লেনদেনৰ বিনিময়ত শ্ৰমিকসহ গাড়ীখন মোকলাই দিয়ে সংগঠনৰ যুৱককেইজনে । অভিযোগ অনুসৰি ৩ লাখ টকা দাবী কৰিছিল যদিও পৰৱৰ্তী সময়ত ৮০ হাজাৰ টকা দিয়া বুলি ভুক্তভোগীয়ে জানিবলৈ দিয়ে । ইতিমধ্যে ভুক্তভোগী পুতুল খাটনীয়াৰে চাহ জনজাতি ছাত্র সন্থা আৰু আদিবাসী ছাত্র সন্থাৰ নেতাকেইজনৰ পৰা পোৱা হাৰাশাস্তিৰ ন্যায় বিচাৰি সংগঠনকেইটাৰ কেন্দ্ৰীয় সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছে ।

উক্ত পত্ৰত আটছা নেতা সুভাষ তাঁতী, আদিবাসী ছাত্র সন্থাৰ মদন বাঘোৱাৰ, সুনীল মুণ্ডা আৰু অমৃত পুৰ্টিৰ নাম উল্লেখ আছে । আনহাতে সমগ্ৰ ঘটনাত টিংখাঙত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত এই ঘটনা সন্দৰ্ভত দুই সংগঠনৰ নেতা সুভাষ তাঁতী আৰু মদন বাঘোৱাৰে ঘটনা অস্বীকাৰ কৰি দায়সৰা মন্তব্য দিয়া হে পৰিলক্ষিত হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.