ETV Bharat / state

Corruption in PMAY at Moran : অন কেমেৰা হিতাধিকাৰী আৰু ৱাৰ্ড মেম্বাৰৰ তীব্ৰ বাক-বিতণ্ডা

author img

By

Published : Nov 4, 2022, 12:57 PM IST

কেমেৰাৰ সন্মুখতে হিতাধিকাৰী আৰু ৱাৰ্ড মেম্বাৰৰ মাজত তীব্ৰ বাক-বিতণ্ডা ৷ ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপ হিতাধিকাৰীৰ (Corruption in PMAY at Moran)৷

Corruption in PMAY at Moran
অন কেমেৰা হিতাধিকাৰী আৰু ৱাৰ্ড মেম্বাৰৰ তীব্ৰ বাক-বিতণ্ডা

ডিব্ৰুগড়, 11 নৱেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY) গৃহ নিৰ্মাণত কোনো ধৰণৰ দুৰ্নীতি সংঘটিত হ'ব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ দিয়াৰ পাছতো চৰকাৰী আবাস গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে মৰাণত ৷ মৰাণ সমষ্টিৰ দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নং ৱাৰ্ডৰ ১ নং মিৰিহোলাত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে ।

সাংবাদিকৰ কেমেৰাৰ সন্মুখতে হিতাধিকাৰী আৰু ৱাৰ্ড মেম্বাৰৰ মাজত সৃষ্টি হ’ল তীব্ৰ বাক-বিতণ্ডা (Tense situation at Moran)। মৰাণৰ মিৰিহোলাৰ মামনি বেগম নামৰ হিতাধিকাৰীগৰাকীয়ে তোলা অভিযোগ অনুসৰি তেওঁ চৰকাৰৰ পৰা লাভ কৰা গৃহটো নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰিছে ৱাৰ্ড মেম্বাৰ জয়া বৰুৱাই । মামনি বেগমে কৰা অভিযোগ অনুসৰি তেওঁৰ পৰিয়ালৰ নামত অহা গৃহটো নিৰ্মাণৰ দায়িত্ব লৈছিল ৱাৰ্ড মেম্বাৰ জয়া বৰুৱাই ।

ঠিকাদাৰৰূপী ৱাৰ্ড মেম্বাৰগৰাকীয়ে পৰিয়ালটোৰ কোনো কথাত গুৰুত্ব নিদি তিনিডাল ৰডেৰে খুঁটাসমূহ নিৰ্মাণ কৰাৰ লগতে তিনি ইঞ্চি ৱালেৰে গৃহটো প্ৰায় সম্পূৰ্ণকৈ গাঁঠি পেলায় (PMAY scheme scam at Moran)। গৃহটোত প্লাষ্টাৰৰ কোনো অনুমতি নাই বুলি কোৱাত হতভম্ব হৈ পৰে পৰিয়ালটো ৷ কাৰণ কোনোমতে নিৰ্মাণ কৰা গৃহটোৰ ৱালসমূহ এতিয়াও লৰি থাকে ।

ভূমিকম্প আহিলে কি হ'ব বুলিও পৰিয়ালটো এতিয়া শংকাত ভুগিছে । হিতাধিকাৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি গৃহটো নিৰ্মাণৰ নামত ইতিমধ্যে ৮০ হাজাৰ টকা ৱাৰ্ড মেম্বাৰগৰাকীয়ে হিতাধিকাৰীৰ একাউণ্টৰ পৰা উলিয়াই লৈছে । ওপৰৰ টিনপাত আদিৰ কাম বাকী আছে যদিও সেয়াও ৱাৰ্ড মেম্বাৰগৰাকীয়ে আত্মসাৎ কৰি সমুদায় গৃহৰ ধন নিজৰ হাতত ৰাখিবলৈ বিচাৰিছে ।

ৱাৰ্ড মেম্বাৰগৰাকীৰ এই কামত বাধা দিয়াত কুঠাৰ লৈ পৰিয়ালটোক ভাবুকি দিয়া বুলিও অভিযোগ কৰিছে পৰিয়ালটোৱে । এতিয়া প্ৰশ্ন হয়, এক প্ৰকাৰৰ গুণ্ডাৰাজ চলাই হিতাধিকাৰীৰ চৰকাৰী গৃহৰ ধন লুণ্ঠন চলাবলৈ বিচৰা ৱাৰ্ড মেম্বাৰ জয়া বৰুৱাৰ ওপৰত সংশ্লিষ্ট বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব ? নে কমিচনৰ অংকত সেয়াও মেনেজ হৈ যাব !

লগতে পঢ়ক : Government policy on Assam-Meghalaya border : চৰকাৰৰ দিয়া লোৱা নীতিৰ বিৰুদ্ধে ডিফুত এ এছডিচিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.