ETV Bharat / state

পত্নীক অশালীন ব্যৱহাৰৰ অভিযোগ তুলি যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ মৰাণৰ আৰক্ষী বিষয়াৰ

author img

By

Published : Oct 8, 2022, 10:35 PM IST

Updated : Nov 5, 2022, 9:32 AM IST

মৰাণ আৰক্ষী থানাৰ আৰক্ষী বিষয়া বিজয়ী দৈমাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ পত্নীক অশালীন ব্যৱহাৰ কৰা বুলি ভুৱা অভিযোগ তুলি 11 জনকৈ যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰৰ অভিযোগ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে (Allegation against Moran OC)৷

যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ মৰাণৰ আৰক্ষী বিষয়াৰ

মৰাণ, 8 অক্টোবৰ: এইবাৰ গুণ্ডাৰ ৰূপত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয়ী দৈমাৰী (Moran OC Bijoy Daimari) ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আৰক্ষীক সাধাৰণ ৰাইজৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিবলৈ আহ্বান জনাই থকা সময়ত গুণ্ডাৰ ৰূপত আৰক্ষী বিষয়া বিজয়ী দৈমাৰীয়ে ১১ গৰাকী যুৱকক মাধমাৰ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

ঘটনা অনুসৰি শুকুৰবাৰে নিশা অৰুণাচল প্ৰদেশৰ পৰা ইভেণ্ট মেনেজমেণ্টৰ কাম কৰি আহি শিৱসাগৰ ডিমৌৰ ১১ জন যুৱকে চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ(Moranhat Police Station) অন্তৰ্গত প্ৰেচিফিক ধাবাত ভাত খাই আছিল । সেই সময়ত উক্ত ধাবাত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষযা বিজয় দৈমাৰীয়েও পত্নীৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰি আছিল । ভাত খাই থকা যুৱককেইজনে আৰক্ষী বিষয়াগৰাকীৰ পত্নীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ কৰি আৰক্ষী বিষয়াজনে যুৱককেইজনক গুৰুলাগুৰুলকৈ মাৰপিট কৰে ।

ইয়াৰ ওপৰিও নিশাই যুৱককেইজনক থানালৈ নি ওৰেটো নিশা লকআপত ভৰাই মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱককেইজনে (Beaten up by Moran OC)। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই যুৱক ক্ৰমে পাৰ্থ জ্যোতি মেছ আৰু সীমান্ত দেউৰী চিকিৎসাধীন হৈ থাকিবলগীয়া হৈচে । আনহাতে যুৱককেইজনে আৰক্ষীৰ পত্নীক অশালীন ব্যৱহাৰ কৰাৰ কথা অস্বীকাৰ কৰাৰ লগতে আৰক্ষী বিষয়াগৰাকীয়ে মদ্যপান কৰি ১১জনকৈ যুৱকক গুৰুতৰভৱে মাৰপিট কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।

আনহাতে মাৰপিট কৰাৰ কথা স্বীকাৰ কৰে মৰাণ আৰক্ষী থানাৰ আৰক্ষী বিষয়া বিজয় দৈমাৰীয়ে । লগতে তেও কয় যে, তেওঁৰ পত্নীক অশালীন ব্যৱহাৰ কৰা বাবে জেৰা কৰা হৈছিল । কিন্তু লক্ষ্যণীয় কথা যে বাতৰি লিখা পৰলৈকে আৰক্ষী বিষয়াগৰাকীৰ পত্নীয়ে কোনোধৰণৰ এজাহাৰ দাখিল কৰা নাই ।

লগতে পঢ়ক: বিজেপিৰ সভাৰ স্বাৰ্থত নিয়ম ভংগ কৰিবলৈ বাধ্য হ’ল আৰক্ষী

Last Updated : Nov 5, 2022, 9:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.