ETV Bharat / state

ধানোৱাৰৰ নিৰ্বাচনী ইছ্যুৱে বিপাঙত পেলাইছে বিনোদ হাজৰিকাক

কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ ৷ ধানোৱাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে বিধায়ক ঋতুপৰ্ণ বৰুৱাই ৷ মনোজ ধানোৱাৰৰ লাহোৱাল সমষ্টিক লৈ ভৌগোলিক জ্ঞান নাই বুলি কটাক্ষ বৰুৱাৰ ৷

allegation against manoj dhanwar
ধানোৱাৰৰ নিৰ্বাচনী ইছ্যুৱে বিপাঙত পেলাইছে বিনোদ হাজৰিকাক
author img

By

Published : Mar 26, 2021, 12:47 PM IST

মৰাণ, 26 মাৰ্চ: ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিত এইবাৰ আকৰ্ষণীয় হ'ব বিজেপি আৰু কংগ্ৰেছৰ নিৰ্বাচনী যুঁজ ৷ কিয়নো, নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ নিৰ্বাচনী ইচ্ছ্যুৱে বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাক বিপাঙত পেলোৱা পৰিলক্ষিত হৈছে ৷ অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিমটো দিনত বিধায়ক ঋতুপৰ্ণ বৰুৱাই লাহোৱালত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমূহে যেন এই কথাকেই প্ৰমাণ কৰিছে ৷

কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ

বৰুৱাই অভিযোগ কৰা মতে, কংগ্ৰেছ প্ৰাৰ্থী ধানোৱাৰে মিথ্যাচাৰৰ আশ্ৰয় লৈ সমষ্টিবাসীক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে ৷ চাহ জনগোষ্ঠীৰ লোকসকলক কংগ্ৰেছ দলে মদ-মাংস খুৱাই জনগোষ্ঠীটোক অপমান কৰিছে বুলি অভিযোগ কৰাৰ লগতে বৰুৱাই মনোজ ধানোৱাৰৰ লাহোৱাল সমষ্টিক লৈ ভৌগোলিক জ্ঞান নাই বুলি কটাক্ষ কৰে ৷ বৰুৱাই লগতে কয় যে, এইক্ষেত্ৰত তেওঁৰ জ্ঞানৰ অভাৱৰ বাবে অপপ্ৰচাৰ চলাইছে ৷ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ মিথ্যাচাৰ সন্দৰ্ভত নিৰ্বাচনী বিষয়াক লিখিত অভিযোগ দাখিল কৰিব বুলিও বৰুৱাই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: কংগ্ৰেছৰ নেতৃত্বত গঠন হ'ব মহাজোঁটৰ চৰকাৰ: পৱন সিং ঘাটোৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.