ETV Bharat / state

এদিনৰ দৰমহা কৰ্তনৰ বিৰোধিতা সদৌ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ

author img

By

Published : May 26, 2021, 10:09 AM IST

কৰ্মচাৰী পৰিষদৰ এদিনৰ দৰমহা কৰ্তনৰে ক’ভিডৰ সহযোগিতাৰ বাবে জনোৱা আহ্বানৰ বিৰোধিতা সদৌ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ৷ মঙলবাৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সদৌ অসম কৰ্মচাৰী পৰিষদে জনোৱা আহ্বানৰ বিৰুদ্ধে সৰৱ হৈ পৰে জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ৰঞ্জন ৰাইদঙীয়াই ৷

administration employees association pressmeet
জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সংবাদমেল

ডিব্ৰুগড়,26 মে’ : ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ পৰা ক’ভিড মহামাৰীৰ সময়চোৱাত মোকাবিলা কৰিবলৈ এদিনৰ দৰমহা কৰ্তন কৰাৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদে জনোৱা আহ্বানৰ বিৰোধিতা কৰিছে সদৌ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই । বিগত 24 মে’ত এক পত্ৰযোগে এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বাবে কৰ্তন কৰিবলৈ জনোৱা আহ্বানৰ বিৰুদ্ধে মঙলবাৰে সৰৱ হৈ পৰে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা ৷

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সন্থাৰ সাধাৰণ সম্পাদক ৰঞ্জন ৰাইদঙীয়াই কয় যে, সদৌ অসম কৰ্মচাৰী পৰিষদে এইটো জনা উচিত যে ৰাজ্যিক কৰ্মচাৰীসকলৰ কেইবাটাও নিজা সংগঠন আছে, যিবিলাকৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদ কাৰো অভিভাৱক নহয় । কৰ্মচাৰী পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে এই সংগঠনসমূহৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ সকলো ৰাজ্যিক কৰ্মচাৰীৰ পৰা এদিনৰ দৰমহা কৰ্তন কৰিবৰ বাবে চৰকাৰৰ ওচৰত আবেদন দাখিল কৰিবলৈ ক’ত অধিকাৰ পালে বুলি প্ৰশ্ন কৰি কৰ্মচাৰী পৰিষদৰ এই আবেদনৰ বিৰোধী বুলি স্পষ্ট কৰি দিয়ে ।

জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সংবাদমেল

দেশৰ প্ৰতিটো দুৰ্যোগৰ সময়ত যেনে- বান, ধুমুহা, নিৰ্বাচন আদি সকলো কামৰ বাবে আগশাৰীত থকা কৰ্মচাৰীখিনিয়েই হৈছে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী বা জিলা প্ৰশাসনৰ কৰ্মচাৰী । য’তেই উপায়ুক্ত তাতেই জিলা প্ৰশাসনৰ কৰ্মচাৰী । ক’ভিড মহামাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে যি ভূমিকা পালন কৰি আহিছে সেয়া স্বাস্থ্য বিভাগৰ কৰ্মচাৰীতকৈ কোনো গুণেই কম নহয় । গতিকে চৰকাৰলৈ সাহায্য আগবঢ়োৱা বা নবঢ়োৱাটো জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই নিজে সিদ্ধান্ত ল’ব বুলি সাধাৰণ সম্পাদক ৰঞ্জন ৰাইদঙীয়াই সংবাদমেলত মন্তব্য কৰে ৷

লগতে তেওঁ সদৌ অসম কৰ্মচাৰী পৰিষদৰ অশান্ত কৰ্মচাৰীসকলৰ পৰাহে এদিনৰ দৰমহা কৰ্তন কৰাৰ ব্যৱস্থা কৰক বুলি কৈ চৰকাৰ দুৰ্যোগত পৰিলে জিলা কৰ্মচাৰী সন্থাই নিজেই সিদ্ধান্ত ল’ব বুলি উল্লেখ কৰে ৷ প্ৰয়োজন হলে এদিন কিয় পাঁচদিনলৈকে দৰমহা কৰ্তন কৰাব বুলিও স্পষ্ট কৰি দিয়ে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই ।

লগতে পঢ়ক : মঙলবাৰে নলবাৰীত ক’ভিড-19ত আক্ৰান্ত হ'ল 100 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.