ETV Bharat / state

প্ৰথম উত্তৰ-পূব পেৰা স্প'ৰ্টছ মীটৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

তিনিদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত প্ৰথম উত্তৰ-পূব পেৰা স্প'ৰ্টছ মীটৰ শুকুৰবাৰে সামৰণি পৰে ।

North East Para Sports Meet
প্ৰথম উত্তৰ-পূব পেৰা স্প'ৰ্টছ মীটৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত প্ৰথম উত্তৰ-পূব পেৰা স্প'ৰ্টছ মীটৰ শুকুৰবাৰে সফল সামৰণি পৰে । ভাৰতীয় পেৰালিম্পিক সমিতিৰ অধীনত, অসম পেৰালিম্পিক সন্থাৰ সহযোগত আৰু যাদৱ চন্দ্ৰ ভূঞা মেম'ৰিয়েল ট্ৰাষ্ট, উদয়াচলৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত পেৰা স্প'ৰ্টছ মীটৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

লগতে প্ৰথম উত্তৰ-পূব পেৰা স্প'ৰ্টছ মীটৰ আয়োজক সমিতিৰ সভাপতি ৰিণিকি ভূঞা শৰ্মা, অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, ভাৰতীয় পেৰালিম্পিক সমিতিৰ সচিব প্ৰধান জয়াৱান্তা গোন্দু হামানাৱাৰ, জ্যেষ্ঠ সাংবাদিক জাৰিৰ হুছেইন, ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ সচিব আৰু সঞ্চালককে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

প্ৰথম উত্তৰ-পূব পেৰা স্প'ৰ্টছ মীটৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

সামৰণী অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়, "উত্তৰ-পূবৰ বিশেষভাৱে সক্ষম খেলুৱৈসকলক এখন উপযুক্ত মঞ্চ প্ৰদানৰ ব্যৱস্থাৰে পেৰা স্প'ৰ্টছ মীট অনুষ্ঠিত কৰা বাবে আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰিছো । বিগত পেৰা অলিম্পিকত ভাৰতে অভিলেখসংখ্যক ২৯ টা মেডেল লাভ কৰিছিল । মই আশা প্ৰকাশ কৰো যে আজি উত্তৰ-পূবৰ ৭ খন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰা ৪৪৭ গৰাকী খেলুৱৈয়েও ভৱিষ্যতে দেশক প্ৰতিনিধিত্ব কৰি আমাক সকলোকে গৌৰাৱাম্বিত কৰি তুলিব ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "শাৰীৰিক প্ৰতিবন্ধকতাৰ হেঙাৰ আঁতৰাই নিজ নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰি উত্তৰ-পূব পেৰা স্প'ৰ্টছ মীটত অংশগ্ৰহণ কৰিবলৈ ওলাই অহা খেলুৱৈসকলে প্ৰথম উত্তৰ-পূব পেৰা স্প'ৰ্টছ মীটক এখন প্ৰতিযোগিতাৰ পৰা উৰ্ধ্বলৈ লৈ গৈ ইয়াক খেলুৱৈসকলৰ সাহসিকতাৰ এক দস্তাবেজলৈ ৰূপান্তৰিত কৰিছে ।"

উল্লেখ্য যে, ২৭ নৱেম্বৰৰ পৰা প্ৰথমবাৰৰ বাবে তিনিদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ৭ ৰাজ্যৰ প্ৰায় ৬০০ প্ৰতিযোগীয়ে । শাৰীৰক প্ৰতিবন্ধকতা যে জীৱনত হেঙাৰ হ'ব নোৱাৰে, সেই কথা প্ৰমাণ কৰি প্ৰতিযোগীসকলে ১৫০০ মিটাৰ দৌৰ, ১০০ মিটাৰ দৌৰ, জেভলিং, ডিস্কাছ থ্ৰ' আদি বিভিন্ন শাখাত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :৪০টা পৰ্যটন প্ৰকল্পৰ বিকাশৰ বাবে বৃহৎ পুঁজি; ৰংঘৰো হ'ব আইকনিক ছাইট
লগতে পঢ়ক :ভাৰত-বাংলাদেশ সীমান্তত অপৰাধ-প্ৰব্ৰজন ৰোধৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় ল'ব বি এছ এফে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.