ETV Bharat / state

চুমিলা ৰংহাংপীৰ হত্যাৰ ন্যায় বিচাৰিলে সদৌ অসম মটক ছাত্ৰ সন্থাই

ৰাজ্যৰ আন আন জাতীয় সংগঠনৰ লগতে আজি চুমিলা ৰংহাংপীৰ হত্যাৰ ন্যায় বিচাৰি দোষীৰ শাস্তিৰ দাবী উত্থাপন কৰিলে সদৌ অসম মটক ছাত্ৰ সন্থাই ৷ সংগঠনটোৰ হৈ কেন্দ্রীয় সাঃ সম্পাদক ৰাতুল গগৈয়ে কয়, এই ঘটনাৰ লগত জড়িত সকলক কঠোৰ শাস্তি দিব লাগে ।

চুমিলা ৰংহাংপীৰ ন্যায় বিচাৰিলে সদৌ অসম মটক ছাত্ৰ সন্থাই

author img

By

Published : Apr 27, 2021, 3:40 PM IST

মৰাণ, 27 এপ্ৰিল : চুমিলা ৰংহাংপীৰ হত্যাকণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া-প্ৰতিবাদ অব্যাহত আছে যদিও এই পৰ্যন্ত কোনো এজন লোকেই সাব্যস্ত হোৱা নাই দোষী হিচাপে ৷ চুমিলা ৰংহাংপীৰ হত্যাৰ ন্যায় বিচাৰি আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম মটক ছাত্ৰ সন্থাই ৷

সংগঠনটোৰ হৈ কেন্দ্রীয় সাঃ সম্পাদক ৰাতুল গগৈয়ে কয়, এই ঘটনাৰ লগত জড়িত সকলক কঠোৰ শাস্তি দিব লাগে । অসমত বহু অপৰাধীয়ে অপৰাধ কৰিও কোনো শাস্তি নোপোৱাকৈ মুকলি আকাশৰ তলত ঘূৰি ফুৰিব পাৰে ৷ যাৰ ফলত দিনক দিনেই এই ধৰণৰ অপৰাধজনিত ঘটনা সমূহ বৃদ্ধি পাই আছে বুলি ক্ষোভ প্ৰকাশ কৰে ৰাতুল গগৈয়ে ৷

চুমিলা ৰংহাংপীৰ ন্যায় বিচাৰিলে সদৌ অসম মটক ছাত্ৰ সন্থাই

ইফালে এই ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে ৷ সামাজিক মাধ্যম বিশেষকৈ ফেচবুকত প্ৰতিজন লোকেই চুমিলা ৰংহাংপীক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰা দেখা গৈছে ৷

উল্লেখ যে, যোৱা বৃহস্পতিবাৰে নগাঁৱৰ ৰহাৰ খাইগড়ৰ নিবাসী প্ৰকাশ বৰঠাকুৰ নামৰ লোকজনৰ বাসগৃহত বনকৰা কিশোৰী হিচাপে থকা চুমিলা ৰংহাংপীৰ মৃতদেহ অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ ইয়াৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল সৰ্বত্ৰে ৷ লগতে প্ৰকাশ বৰঠাকুৰৰ পৰিয়ালে কিশোৰীগৰাকীক জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷

লগতে পঢ়ক: ইটিভি নেটৱৰ্কৰ নৱতম সংযোজন ইটিভি বাল্য ভাৰত মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.