ETV Bharat / state

গুৱাহাটীৰ পাছত এইবাৰ ডিব্ৰুগড় সদৰ থানাত প্ৰৱঞ্চকৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰাছিয়াৰ আলেকজেণ্ডাৰৰ

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 8:17 PM IST

ডিব্ৰুগড়ত উপস্থিত প্ৰৱঞ্চকৰ কৱলত পৰি অসহায় হৈ পৰা ৰাছিয়াৰ আলেকজেণ্ডাৰ নামৰ যুৱকজন ৷ আশিস শৰ্মাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৰাছিয়াৰ যুৱকজনে ৷

Alexander of Russia Alleged Fraud by Assam Youth
ডিব্ৰুগড়ত উপস্থিত ৰাছিয়াৰ আলেকজেণ্ডাৰ
প্ৰৱঞ্চকৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰাছিয়াৰ আলেকজেণ্ডাৰৰ

ডিব্ৰুগড়, 16 নৱেম্বৰ : অসমলৈ আহি প্ৰৱঞ্চকৰ কৱলত পৰি অসহায় হৈ পৰিছে ৰাছিয়াৰ আলেকজেণ্ডাৰ নামৰ যুৱকজন ৷ আশিস শৰ্মা নামৰ এটা প্ৰৱঞ্চকে কৌশলেৰে আলেকজেণ্ডাৰৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি যোৱা সোমবাৰে গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰিছিল ৰাছিয়াৰ পৰ্যটকজনে ৷

ইয়াৰ পাছতে গুৱাহাটী আৰক্ষীৰ সহযোগত আশিস শৰ্মা নামৰ যুৱকজনক পুনৰ লগ পাইছিল আলেকজেণ্ডাৰে ৷ আৰক্ষীৰ সন্মুখত পইচা ঘূৰাই দিয়াৰ আশ্বাস দিছিল অভিযুক্ত আশিস শৰ্মাই ৷ কিন্তু আলেকজেণ্ডাৰৰ পইচা ঘূৰাই দিয়াৰ পৰিৱৰ্তে ট্ৰেইনত উঠি আশিস শৰ্মা কলকাতালৈ গুচি যায় ৷ ফলত অসহায় হৈ ৰাছিয়াৰ আলেকজেণ্ডাৰ বৃহস্পতিবাৰে উপস্থিত হয় ডিব্ৰুগড়ত ৷ তেওঁক প্ৰৱঞ্চনা কৰা আশিস শৰ্মাৰ ঘৰ ডিব্ৰুগড়ত বুলি জানিব পাৰি আশিসৰ পৰিয়ালক বিচাৰি ডিব্ৰুগড়ত উপস্থিত হৈছে ৰাছিয়াৰ আলেকজেণ্ডাৰ ৷

ইয়াৰ মাজতে আশিস শৰ্মাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৰাছিয়াৰ যুৱকজনে ৷ ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে আশিস শৰ্মাৰ ঠিকনা লাভৰ বাবে অভিযান আৰম্ভ কৰিছে ৷ মুঠৰ ওপৰত অসমলৈ আহি প্ৰৱঞ্চকৰ কৱলত পৰি সৰ্বস্বান্ত হৈছে ৰাছিয়াৰ আলেকজেণ্ডাৰ ৷

জানিব পৰা অনুসৰি কলকাতাত আশিস শৰ্মাৰ সৈতে চিনাকি হৈছিল আলেকজেণ্ডাৰৰ ৷ ইয়াৰ পিছতেই গুৱাহাটীলৈ ফুৰিবলৈ আহিছিল দুয়োজন ৷ আলেকজেণ্ডাৰৰ মাতৃয়ে আশিস শৰ্মাৰ বেংকৰ একাউণ্টত ধন ভৰাই দিছিল আলেকজেণ্ডাৰৰ বাবে ৷ এই ধন পোৱাৰ পাছতেই আশিসে প্ৰৱঞ্চনা কৰিলে আলেকজেণ্ডাৰক ৷ ইতিমধ্যে আলেকজেণ্ডাৰৰ ভিছাৰ ম্যাদ উকলি গৈছে বুলিও জানিব পৰা গৈছে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভুক্তভোগী ৰাছিয়াৰ যুৱকজনে অভিযুক্ত আশিস শৰ্মাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাতো এজাহাৰ দাখিল কৰিছিল ৷

লগতে পঢ়ক : Russian Youth Visa Case : প্ৰতাৰণাৰ অভিযোগ দিবলৈ আহি নিজে বন্দী ৰাছিয়াৰ আলেকজেণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.