ডিব্ৰুগড়, 7আগষ্টঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা আৰু অখিল গগৈৰ মুক্তিৰ দাবীত বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ৷ শুকুৰবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী তিনিআলিত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লাহোৱাল আঞ্চলিক সমিতিয়ে ।
সংগঠনটোৱে CAA আমি নামানো, CAA বাতিল হ'বই লাগিব, কৃষক নেতা অখিল গগৈক মুক্তি দিবই লাগিব আদি শ্ল'গানেৰে মোহনবাৰী চৌপাশৰ পৰিবেশ উত্তাল কৰি তোলে । এই কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক প্ৰিয়ব্ৰত গোঁহাই, উপদেষ্টা উদয়ন বৰুৱা, কিশোৰ বৰুৱাৰ আদিকে ধৰি লাহোৱাল অঞ্চলৰ বিভিন্ন প্ৰান্তৰৰ প্ৰায় পাঁচ শতাধিক যুৱ ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়কঃ ৰামভক্তক বাবৰ ভক্তৰ আক্ৰমণঃ অশোক সিংঘাল