মৰাণ,১৫ জুন : কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসমৰ নদীবান্ধ বিৰোধী দল-সংগঠনসমূহ । নদীবান্ধ সন্দৰ্ভত আৰু অসমৰ দল-সংগঠনৰ বিৰুদ্ধে মন্ত্ৰীগৰাকীয়ে কৰা অভিযোগক লৈ পুনৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ হৈছে (Protest against central minister R k Singh)। কেন্দ্ৰীয় শক্তি মন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা অসমৰ নদীবান্ধ বিৰোধী দল-সংগঠনৰ ।
উল্লেখ্য যে নামনি সোৱণশিৰি নদীবান্ধ প্ৰকল্পক লৈ দল-সংগঠন আৰু অসমৰ বিশেষজ্ঞসকলে অসন্তুষ্টি প্ৰকাশ কৰাৰ সময়তে মঙলবাৰে নদীবান্ধটো পৰিদৰ্শনৰ বাবে গেৰুকামুখত উপস্থিত হয় কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিং (Union Power Minister visits Subansiri Lower project)। নদীবান্ধ প্ৰকল্পৰ কাম দ্ৰুতগতিত হোৱা বুলি কৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ দল-সংগঠন সমূহক সমালোচনা কৰে । দল-সংগঠনৰ প্ৰতিবাদৰ বাবে প্ৰকল্পৰ কাম লেহেমীয়া হোৱা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে (Union power minister comments on Subansiri Lower project)।
মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে, নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে বহিঃৰাষ্ট্ৰৰ পৰা ধন লৈ অসমৰ দল-সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে । কেন্দ্ৰীয় শক্তি মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে ক্ষুদ্ধ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ।
সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে শাসনলৈ অহাৰ পূৰ্বে বিজেপিয়েও নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল । সেই সময়ত বিজেপিয়ে বিদেশৰ পৰা পুঁজি লাভ কৰিছিল নেকি বুলি নেতাগৰাকীয়ে উভতি ধৰে । আনহাতে নামনি সোৱণশিৰি নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে বিজেপি দলে গেৰুকামুখত প্ৰতিবাদ সাব্যস্ত কৰি শাসনলৈ আহিলে বৃহৎ নদীবান্ধসমূহ বন্ধ কৰি দিয়া হ'ব বুলি ঘোষণা কৰা পিছত এতিয়া আকৌ সেই নদীবান্ধক বিজেপি দলে সমৰ্থন কৰা কাৰ্যকো তীব্ৰ সমালোচনা কৰিছে AJYCPৰ নেতাজনে । ইফালে নামনি সোৱণশিৰি নদীবান্ধ প্ৰকল্পকে ধৰি জনসাধাৰণৰ ক্ষতিগ্ৰস্ত হ'ব পৰা বৃহৎ নদীবান্ধ প্ৰকল্পসমূহ বন্ধ কৰাৰ দাবী উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে ।
লগতে পঢ়ক :দুদিনীয়া ভ্ৰমণসূচীৰে ধেমাজিত উপস্থিত কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিং