নাহৰকটীয়া,২৩ জুলাই: নীতি আয়োগে কেন্দ্ৰীয় চৰকাৰক নামৰূপ সাৰকাৰখানা বন্ধৰ পৰামৰ্শ দিয়াৰ সন্দৰ্ভত দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে ৷ নামৰূপ সাৰকাৰখানা বন্ধৰ প্ৰসংগত দেওবাৰে বিধায়ক গৰাকীয়ে উৰা বাতৰি আখ্যা দি নীতি আয়োগে কেৱল বন্ধ কৰিবলৈ পৰামৰ্শহে দিছে, নীতি আয়োগৰ মতে কেন্দ্ৰ বা ৰাজ্য চৰকাৰ নচলে বুলি মন্তব্য কৰিছিল ৷ কেৱল সিমানে নহয় প্ৰতিবাদকাৰী দল সংগঠনক বন্ধ কৰিবলৈ কোৱা এখন কাগজ দেখুৱাবলৈ প্ৰত্যাহ্বন জনাইছিল ৷ বৰঞ্চ নামৰূপ সাৰকাৰখানাত অসম চৰকাৰে ২৬ শতাংশ বিনিয়োগ কৰি চতুৰ্থ গোটটো নিৰ্মাণ কৰিব বুলি মন্তব্য কৰিছিল ৷
বিধায়কগৰাকীৰ এই বক্তব্যৰ পাচতে নামৰূপত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নামৰূপ আঞ্চলিক সমিতিয়ে । প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে সংগঠনটোৱে । আনহাতে বিধায়ক তৰংগ গগৈক উভতি ধৰি পৰিষদৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক গৌৰাঙ্গ গগৈয়ে কয়,‘‘ৰাজনীতিৰ বাবে কেৱল এনে কৰ্ম কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ এই কাৰখানাৰ নামত বিজেপিয়ে কৰা ৰাজনীতি বন্ধ কৰক ৷ এনে কাৰ্যক গৰিহণা দিছো ৷’’
আনহাতে নামৰূপ সাৰকাৰখানাৰ ৰক্ষাৰ সংগ্ৰাম আজিও নামৰূপত অব্যাহত আছে ৷ দেওবাৰে নামৰূপ সোণাৰি তিনিআলিত আছুৱে কেন্দ্ৰীয় সাৰ মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্য যে নামৰূপ সাৰকাৰখানাৰ প্ৰসংগত ডিব্ৰুগড় জিলাৰ প্ৰতিটো কোনতে আজি আছুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈ কয় যে এয়া অসমবাসীৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ চৰম প্ৰতাৰণা ৷ এই দুৰ্যোগৰ সময়ত সকলো ৰাইজক ঐক্যবদ্ধ আন্দোলন কৰিব লাগে ৷
লগতে পঢ়ক:MLA Tarang Gogoi: নামৰূপ সাৰকাৰখানা বন্ধ নহয়; স্পষ্টীকৰণ বিধায়ক তৰংগ গগৈৰ