মৰাণ, 27 আগষ্ট: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পুনৰ নাগৰিকত্ব সংশোধনী আইন প্ৰণয়নৰ পোষকতা কৰাৰ লগে লগেই অসমতো কা আন্দোলনৰ উকমুকনি দেখিবলৈ পোৱা গৈছে । সদৌ অসম ছাত্ৰ সন্থাই উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও ছাত্ৰ সংগঠনক লগত লৈ পুনৰ কা আন্দোলন আৰম্ভ কৰাৰ পাছতেই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰ বাবে তৎপৰ হৈছে অসম জাতীয় পৰিষদ (Lurinjyoti Gogoi criticized Assam govt)।
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড়ৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয়, কা আন্দোলনৰ পটভূমিত জন্মলাভ কৰা অসম জাতীয় পৰিষদে কেতিয়াও কা মানি ল'ব নোৱাৰে । অসমৰ পৰিৱেশ পৰিস্থিতি ভাৰতবৰ্ষৰ আন ৰাজ্যৰ লগত নিমিলে, এই কথা দিল্লীৰ কেন্দ্ৰীয় চৰকাৰে বুজিব লাগিব । উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই কা বাতিল কৰিব লাগিব ৷ কেন্দ্ৰীয় চৰকাৰক এই দাবী জনালে লুৰিণজ্যোতি গগৈয়ে (AJP President Lurinjyoti Gogoi react on CAA)।
আনহাতে, ৰাজ্য চৰকাৰে চৰকাৰী কিছুসংখ্যক বিদ্যালয় বিভিন্ন কাৰণ দেখুৱাই বন্ধ কৰি দিয়াক লৈ অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, অসমৰ শিক্ষা ব্যৱস্থা ব্যক্তিগত খণ্ডক গতাই দিয়াৰ এক কৌশল ৰচনা কৰিছ চৰকাৰে । ইতিমধ্যে জিলাই জিলাই চৰকাৰৰ পৃষ্ঠপোষকতাতে নিৰ্মাণ আৰম্ভ হৈছে বহু ব্যক্তিগত বিদ্যালয় ।
ৰাষ্ট্ৰীয় শিক্ষানীতিত প্ৰাথমিক শিক্ষা মাতৃভাষাত হ'ব লাগে বুলি কোৱাৰ পাছতো চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজীত পাঠদান কৰিবলৈ চিন্তা কৰাক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi react on School Merged )।
লগতে পঢ়ক: ১৯৫ খন মাধ্যমিক বিদ্যালয়ৰ একত্ৰীকৰণৰ তালিকা প্ৰকাশ