ETV Bharat / state

Foundation day of AJP: লক্ষ্য লোকসভা নিৰ্বাচন 2024; ডিব্ৰুগড়ত অজাপৰ অধিৱেশন - সমাগত লোকসভা নিবাৰ্চন

লোকসভা নিৰ্বাচনৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ অনুষ্ঠিত হ'ল অসম জাতীয় পৰিষদৰ জিলা অধিৱেশন ৷ দলীয় ভেঁটি শক্তিশালী কৰাৰ সংকল্প ল’লে অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে ৷

Foundation day of AJP
অজাপৰ জিলা অধিৱেশন
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 7:35 AM IST

Updated : Nov 9, 2023, 9:20 AM IST

অজাপৰ জিলা অধিৱেশন

ডিব্ৰুগড়, 9 নৱেম্বৰ : সমাগত লোকসভা নিবাৰ্চন । শাসক দলৰ সমানে বিৰোধী দলসমূহেও দলীয় সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে তৎপৰ হৈছে । এইবাৰ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহ একেলগ হৈ গঠন কৰিছে বিৰোধী ঐক্য ।

ইয়াৰ মাজতে চৰ্চা চলিছে ডিব্ৰুগড়ত বিৰোধী ঐক্যৰ প্ৰাৰ্থী হ'ব অসম জাতীয় পৰিষদ সভাপতি লুৰীণ জ্যোতি গগৈ । এই চৰ্চাৰ মাজতে বুধবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হয় অসম জাতীয় পৰিষদৰ জিলা বাৰ্ষিক অধিৱেশন । লোকসভা নিৰ্বাচনৰ লক্ষ্যৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ এই জিলা অধিৱেশনখন ।

বুধাবৰে দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ চৌকিডিঙীত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত হয় সংগঠনটোৰ জিলা বাৰ্ষিক অধিৱেশনখন । জিলা সভাপতি পৰাগজ্যোতি ফুকনে পতাকা উত্তোলন কৰাৰ পাচতে অনুষ্ঠিত হোৱা বাৰ্ষিক অধিৱেশনত দলীয় সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে কেনে কৰ্মপন্থা লোৱা প্ৰয়োজন সেই বিষয়সমূহ বিষদভাৱে আলোচনা কৰা হয় ।

জিলাখনৰ তিনিশ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই সভাত সমাগত লোকসভা নিবাৰ্চনত যাতে অসম জাতীয় পৰিষদে বিৰোধী ঐক্যৰ সমৰ্থিত প্ৰাৰ্থীক জয় কৰাব পাৰে, তাৰ বাবে দলীয় ভেঁটি শক্তিশালী কৰাৰ সংকল্প লয় নেতা-কৰ্মীসকলে । বুধবাৰে আয়োজিত এই অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ বাৰ্ষিক অধিৱেশনত উপস্থিত থাকে দলটোৰ উপ-সভাপতি অনুপ ফুকন, কেন্দ্ৰীয় সম্পাদক মানিক গগৈ, উদীপ্ত জ্যোতি গগৈকে ধৰি বহু কেন্দ্ৰীয় সমিতিৰ নেতা ।

লোকসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী থকা সময়তে বুধবাৰে ডিব্ৰুগড় জিলা অধিৱেশন অনুষ্ঠিত কৰি অসম জাতীয় পৰিষদে দলীয় সাংগঠনিক কাম কাজ অধিক শক্তিশালী কৰাৰ বাবে প্ৰয়াস কৰাটো নিশ্চিত হৈছে ।

লগতে পঢ়ক : Diwali in Guwahati : দীপাৱলীত নিশা মাত্ৰ দুঘন্টাৰ বাবে ফুটাব পাৰিব ফটকা

Last Updated : Nov 9, 2023, 9:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.