মৰাণ,21 জানুৱাৰী: লাইকা দধীয়াবাসীৰ পুনৰ সংস্থাপন আৰু হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দাবীত বৃহস্পতিবাৰে অসম জাতীয় পৰিষদে ৰাজ্যজুৰি ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ ৰাজ্যৰ আন সমুহ জিলাৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়েও ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ দলটোৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই ডিব্ৰুগড়ৰ চৌকিডিঙ্গী চাৰিআলিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি লাইকা দধীয়াবাসীক পুনৰ সংস্থাপন দিয়ক, খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান কৰক, লাইকা দধীয়াৰ মিচিং জনগোষ্ঠীয় লোকক প্ৰতাৰণা কৰা বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
উল্লেখ্য যে, ধৰ্মঘটত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক চন্দন সন্দিকৈয়ে লাইকা দধীয়াবাসীক পুনৰ সংস্থাপন নকৰাটো অতি পৰিতাপৰ বিষয় বুলি ক্ষোভ প্ৰকাশ কৰে ৷ ইয়াৰ উপৰিও 2018 চনৰ জানুৱাৰী মাহতে হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন দাখিল কৰিছিল যদিও অসম চৰকাৰে কাৰ্যকৰী কৰিবলৈ সাহস কৰা নাই বুলি ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে চন্দন সন্দিকৈয়ে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ জেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক অনুপ ফুকন, এ জে পিৰ ৰাজ্যিক আহ্বায়ক গীতাঞ্জলি মেধি, জেষ্ঠ্য সাংবাদিক শৰৎ চন্দ্ৰ নেওগকে ধৰি কেইবাগৰাকী বিষয়ববীয়াই ৷
লগতে পঢ়ক:প্ৰথমবাৰৰ বাবে মহিলা বৈমানিকৰ নেতৃত্বত গণতন্ত্ৰ দিৱসৰ ফ্লাইপাষ্ট