ETV Bharat / state

নিৰ্বাচনলৈ সাজু টিংখাং সমষ্টিৰ AJPৰ প্ৰাৰ্থী সুভাকৰণ কোঁহাঞি

মঙলবাৰে নিশা যুৰীয়া মাৰ আশীষ ল'লে টিংখাং বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী সুভাকৰণ কোঁহাঞিয়ে ৷ কোঁহাঞিয়ে মনোনয়ন পত্ৰ দাখিল কৰিয়েই দলে-বলে টিংখাঙৰ শ্ৰী শ্ৰী যুৰীয়া আই থানত উপস্থিত হৈ সেৱা আগবঢ়ায় ৷ উল্লেখ্য যে, এদিনৰ পূৰ্বে ১১৯ নং টিংখাং বিধান সভা সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ হৈ সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মিলন সোণোৱালে দলীয় প্ৰাৰ্থীত্ব লাভ কৰিছিল ; কিন্তু ২৪ ঘণ্টা নহওঁতে প্ৰাৰ্থী সলনি কৰি প্ৰাক্তন ছাত্ৰ নেতা সুভাকৰণ কোঁহাঞিক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল অসম জাতীয় পৰিষদে ৷

ajp-candidate-subhakaran-kohain
নিৰ্বাচনলৈ সাজু টিংখাং সমষ্টিৰ AJPৰ প্ৰাৰ্থী সুভাকৰণ কোঁহাঞি
author img

By

Published : Mar 10, 2021, 1:19 PM IST

টিংখাং,10 মাৰ্চ: মঙলবাৰে নিশা যুৰীয়া আইৰ আশীষ ল'লে টিংখাং বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী সুভাকৰণ কোঁহাঞিয়ে ৷ কোঁহাঞিয়ে মনোনয়ন পত্ৰ দাখিল কৰিয়েই দলে-বলে টিংখাঙৰ শ্ৰী শ্ৰী যুৰীয়া আই থানত উপস্থিত হৈ সেৱা আগবঢ়ায় ৷ ইপিনে থানত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ পূৰ্বে বিমল বৰা আৰু এতোৱা মুণ্ডা উপস্থিত হৈ সেৱা আগবঢ়াইছিল ৷ AJPৰ প্ৰাৰ্থী সুভাকৰণ কোঁহাঞিয়ে সাংবাদিকৰ আগত যুৰীয়া আইয়ে শক্তি প্ৰদান কৰিব আৰু সেই শক্তিয়ে ভয়, প্ৰলোভন, স্বৈৰচাৰী শাসন উফৰাই এখন জাতীয়তাবাদৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে ৷

নিৰ্বাচনলৈ সাজু টিংখাং সমষ্টিৰ AJPৰ প্ৰাৰ্থী সুভাকৰণ কোঁহাঞি

তদুপৰি অতি দৃঢ়তাৰে আগন্তুক নিৰ্বাচনত জয় নিশ্চিত বুলিও কয় সুভাকৰণ কোঁহাঞিয়ে ৷ উল্লেখ্য যে, এদিনৰ পূৰ্বে ১১৯ নং টিংখাং বিধান সভা সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ হৈ সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মিলন সোণোৱালে দলীয় প্ৰাৰ্থীত্ব লাভ কৰিছিল ; কিন্তু ২৪ ঘণ্টা নহওঁতে প্ৰাৰ্থী সলনি কৰি প্ৰাক্তন ছাত্ৰ নেতা সুভাকৰণ কোঁহাঞিক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল অসম জাতীয় পৰিষদে ৷

লগতে পঢ়কঃ নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁৱত জব্দ লক্ষাধিক টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.