মৰাণ, 8মে': মৰাণৰ কুশল নগৰত অজগৰৰ মুক্ত বিচৰণ ৷ কুশল নগৰৰ বিদ্যান্ত গগৈ নামৰ এজন লোকৰ ঘৰৰ পিছফালে শনিবাৰে দিনৰ ২ মান বজাত এটা প্ৰায় দহ কেজি ওজনৰ অজগৰে ভক্ষণ কৰি থকা অৱস্থাত ঘৰৰলোকে প্ৰত্যক্ষ কৰে ।
ইয়াৰ পিছতে বন বিভাগক খবৰ দিয়াত খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ পৰা বনকৰ্মী আহি উপস্থিত হৈ অজগৰটোৰ বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান লাভ নকৰে । অজগৰটো বিচাৰি নোপোৱাত স্থানীয় লোক কিছু শংকিত হোৱা দেখা যায় ৷
লগতে পঢ়ক : ক’ভিডৰ ভয়ংকৰ সংক্ৰমণক ৰোধ কৰাৰ ৰণকৌশল