ডিব্ৰুগড়, 5 মাৰ্চঃ এইবাৰ অখিল গগৈৰ পক্ষত ঠিয় দিছে সদৌ অসম আহোম সভাই । অখিলৰ স্বাস্থ্যক লৈ চৰকাৰৰ শেহতীয়া স্থিতিক অমানবীয় আখ্যা আহোম সভাৰ । ডিব্ৰুগড়ত সংবাদ মেল সম্বোধন কৰি অখিলৰ মুক্তিৰ স্বাৰ্থত আন্দোলনৰ বাবেও আহোম সভা বদ্ধপৰিকৰ বুলি উল্লেখ কৰে সংগঠনটোৰ নেতৃত্বই । কলে, যুৱ নেতা অসমৰ হকে মাত মাতি থকা অখিলক কাৰাগাৰত কৌশলগতভাৱে ৰাখি স্বাস্থ্যৰ প্ৰতি গুৰুত্বহীন স্থিতি গ্ৰহণ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ কৌশল এইয়া ।
অখিলৰ মুক্তি আৰু উন্নত চিকিৎসাৰ দাবীত, আন আন সংগঠনকো ওলাই আহিবলৈ আহ্বান আহোম জনগোষ্ঠীয় সংগঠনটোৰ । লগতে 'কা' আন্দোলনৰ বিৰুদ্ধে মাত মতাৰ বাবে আৰু আন্দোলন স্তিমিত কৰাৰ চক্ৰান্ত কৰি চৰকাৰে বহু জাতীয় নেতা আৰু ব্যক্তিক বিভিন্ন অজুহাতৰ গোচৰ জাপি দি কাৰাবন্দী কৰি ৰাখিছে । অখিলৰ লগতে সেই সকলকো বিনাস্বৰ্তে মুক্তিৰ দাবী আহোম সভাৰ ৷