ডিব্ৰুগড়,২২ নৱেম্বৰ: মন কৰিলেই চন, বাকৰি মাটিতে ধন । চৰকাৰী চাকৰিনো কেলৈ লাগিছে ? স্বাৱলম্বিতাৰ সম্বল ঘৰতে আছে । চাকৰিৰ পাছত দৌৰাৰ প্ৰৱণতা যেন লাহে লাহে হ্ৰাস পাইছে । গঢ়ি উঠিছে থলুৱা উদ্যোগ । ৰাজ্য চৰকাৰেও থলুৱা উদ্যোগ স্থাপন কৰি যুৱক-যুৱতীসকলক উৎপাদনমুখী হ'বলৈ জনাই আহিছে আহ্বান । ইতিমধ্যে ৰাজ্য চৰকাৰে ৰাজ্যত কৰ্ম সংস্কৃতি গঢ়িবৰ বাবে ৰূপায়ণ কৰিছে কেইবাখনো অভিলাষী আঁচনি । কিছু সংখ্যক লোকে চৰকাৰী চাকৰিৰ প্ৰতি আকৰ্ষিত নহৈ নিজে কিবা এটা কৰাৰ লগতে আন দহ জনক সংস্থাপন দিয়াৰ বাবে চেষ্টা কৰিছ। যাৰ ফলস্বৰূপে ৰাজ্যখনত কৰ্ম-সংস্কৃতিৰ এক নতুন পৰিৱেশ দেখিবলৈ পোৱা গৈছে ।
তেনে এজন থলুৱা উদ্যোগী হ'ল ডিব্ৰুগড় মোহনবাৰীৰ হাৰাবাৰী অঞ্চলৰ মণ্টু শইকীয়া । কাঠফুলা খেতিৰ জৰিয়তে গঢ়িছে কৃষি অৰ্থনীতি বিপ্লৱ । এই গৰাকী উদ্যমী ব্যক্তিয়ে কাঠফুলা খেতিৰ জৰিয়তে কৃষি অৰ্থনীতি বিপ্লৱ সূচনা কৰিছে । লগতে বিজ্ঞানসন্মতভাৱে কাঠফুলা খেতি কৰি স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শন দাঙি ধৰাৰ লগতে কেইবাজনৰো সংস্থাপনৰ বাট মোকলাই দিছে । বিগত ২৫ বছৰ ধৰি মণ্টু শইকীয়াই মোহনবাৰীৰ হাৰাবাৰীত নিজে কাঠফুলা খেতি কৰাৰ লগতে লাহোৱালৰ কেইবাটাও অঞ্চলত উন্নতমানৰ কাঠফুলা খেতি কৰাৰ বাবে বহুজনকে ব্যৱস্থা কৰি দিছে ।
তেওঁক এই ক্ষেত্ৰত সহযোগিতা কৰিছে পত্নী পুষ্পা শইকীয়াই । বৰ্তমান তেওঁলোকে 'শ্ৰীকৃষ্ণ এন্টাৰপ্ৰাইজ' নামৰ এটি উদ্যোগ প্ৰতিষ্ঠা কৰি 'বুটন মাশৰুম' নামৰ বিজ্ঞানসন্মত উন্নত কাঠফুলা উৎপাদন কৰিছে । যি কাঠফুলাই এতিয়া ৰাজ্যৰ কেইবাখনো জিলাত ব্যৱসায় কৰি বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । কেৱল কাঠফুলাতেই সীমাৱদ্ধ নাথাকি এইজন উদ্যমী ব্যক্তিয়ে কাঠফুলাৰ বীজো উৎপাদন কৰিছে । যি বীজ এতিয়া দেশৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰা হয় ।
২৫ বছৰ ধৰি একেৰাহে এই কৰ্মত জড়িত থকা এইজন উদ্যমী কাঠফুলা খেতিয়কে এই ব্যৱসায়ৰ জৰিয়তে এতিয়া নিজৰ লগতে আন ১০ জন নিৱনুৱা যুৱক-যুৱতীক সংস্থাপন দিবলৈ সক্ষম হৈছে । এই কাঠফুলা খেতিৰ জড়িয়তে কেৱল স্বাৱলম্বিতাৰ পথ ওলোৱাৰ কথাই গুৰুত্ব আছে তেনে নহয় সুস্থ স্বাস্থ্যৰ বাবে বৰ্তমান বিজ্ঞানসন্মতভাৱে উৎপাদিত কাঠফুলা অতি প্ৰয়োজন । সেয়ে এই গৰাকী উদীয়মান কৃষকে এই খেতিক অধিক গুৰুত্ব প্ৰদান কৰাৰ কথা জানিবলৈ দিছে ।
লগতে পঢ়ক: জোনাইৰ ঐৰামঘাট-জামপানীত কৃষকে নীৰৱে ৰচিছে সোণালী সপোন