টিংখাং, 23 নৱেম্বৰ: এসময়ৰ ভ্ৰাম্যমান থিয়েটাৰৰ এগৰাকী অভিনেত্ৰীয়ে বৰ্তমান মঞ্চ এৰি ব্যস্ত হ’বলগীয়া হৈছে কৃষিকৰ্মত । লক ডাউনৰ বাবে টিংখাঙৰ ৰংছোৱাল গাঁৱৰ বন্তি চেতিয়া নামৰ অভিনেত্ৰীগৰাকীয়ে সলনি কৰিলে জীৱিকাৰ পথ । সুদীৰ্ঘ ১০ টা বছৰে ভ্ৰাম্যমান থিয়েটাৰৰ সফল অভিনেত্ৰী হিচাপে কৰ্মৰত বন্তি চেতিয়াৰ স্বামী ভগিৰথ ৰয়ো থিয়েটাৰৰ সংগীত শিল্পী। বন্তি চেতিয়াই প্ৰথমে নটসূৰ্য থিয়েটাৰত অভিনয় কৰাৰ পিছত ক্ৰমে নয়নতৰা থিয়েটাৰ,ৰাজস্বী থিয়েটাৰকে ধৰি কেইবাখনো থিয়েটাৰত অভিনয় কৰিছিল ।
লক ডাউনৰ বাবে ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰদৰ্শনী বন্ধ হৈ পৰাৰ পাছতে মহিলাগৰাকীয়ে টিংখাঙৰ ৰংছোৱাল গাঁৱৰ পিতৃ গৃহত আহি কৃষিকৰ্মত আত্মনিয়োগ কৰে । শাক-পাচলিৰ খেতিৰ লগতে এখন ফুলৰ নাৰ্চাৰীও পাতিছে বন্তি চেতিয়াই । বাৰীৰ উৎপাদিত ফচল নিজে অথবা পিতৃয়ে লৈ যায় বজাৰলৈ । আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত বন্তি চেতিয়াই দেখুৱাইছে উত্তম নিদৰ্শন ।
![after lockdown an actress busy in farming](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9632241_j.jpg)