ETV Bharat / state

17 বছৰ পিছত টিনপাতৰ চালিৰ তললৈ দিলীপ গগৈ

author img

By

Published : Jul 3, 2020, 9:35 PM IST

Updated : Jul 3, 2020, 10:49 PM IST

বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ সমষ্টিত দিলীপ গগৈ নামৰ এজন অসহায় লোকক সহায়ৰ হাত আগবঢ়াইছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈসহ ছাত্ৰ সংগঠনটোৱে ৷ ভঙা চালিৰ তলতে 17 বছৰ পাৰ কৰা লোকজনক টিনপাত, বাঁহৰ বেৰেৰে এটি কোঠালি সাজি দি আছুৱে সহায়ৰ হাত আগবঢ়ায় ৷

17 বছৰ পিছত টিনপাতৰ চালিৰ তলত দিলীপ গগৈ
17 বছৰ পিছত টিনপাতৰ চালিৰ তলত দিলীপ গগৈ

ডিব্ৰুগড়, 3 জুলাই : বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ সমষ্টিত সহায়ৰ হাত আগবঢ়াইছে সদৌ অসম ছাত্ৰ সন্থাই ৷ দুখীয়া-অসহায় লোকৰ গৃহ নিৰ্মাণ, খাদ্য যোগানৰ দায়িত্ব বহন কৰিছে আছুৱে ৷ বিধায়কগৰাকীৰ সমষ্টিত এজন অসহায় লোকক সহায়ৰ হাত আগবঢ়োৱাৰ দৃশ্য পোহৰলৈ আহিছে ৷

17 বছৰ পিছত টিনপাতৰ চালিৰ তলত দিলীপ গগৈ

ভঙা বেৰৰ চালিৰ তলত বতাহ-বৰষুণ, ধুমুহাৰ দিন পাৰ কৰা জকাই কোঁৱৰ গাঁৱৰ দিলীপ গগৈ নামৰ অসহায় লোকজনৰ দুৰাৱস্থাক সংবাদ মাধ্যমযোগে দৃষ্টিগোচৰ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈসহ ছাত্ৰ সংগঠনটোৱে টিনপাত, বাঁহৰ বেৰেৰে এটি কোঠালি সাজি দি সহায়ৰ হাত আগবঢ়ায় ৷

17 বছৰ পিছত টিনপাতৰ চালিৰ তলত দিলীপ গগৈ

কেতিয়াও চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা দিলীপ গগৈয়ে ভঙা চালিৰ তলতে পাৰ কৰিছিল 17 টা বছৰ ৷ মাজে সময়ে টিউচন কৰি জীৱিকাৰ পথ উলিওৱা দিলীপ গগৈয়ে লক ডাউনৰ সময়ছোৱাত সেইখিনিৰ পৰাও বঞ্চিত হৈ আছে । অভিযোগ অনুসৰি, পঞ্চায়ত বিষয়াই তেওঁক টিনপাতৰ লগতে অন্য সুবিধা প্ৰদান কৰাৰ অজুহাতত ভোটাৰ কাৰ্ড, পৰিচয় পত্ৰ আদি লৈ যায় যদিও আজিলৈকে কোনো সুবিধাৰ মুখ নেদেখিলে দিলীপ গগৈয়ে ৷

লগতে পঢ়ক : নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত উত্তাল প্ৰতিবাদ

Last Updated : Jul 3, 2020, 10:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.