ETV Bharat / state

ডিব্ৰুগড় আৰক্ষীৰ জালত দুই আদিবাসী টাইগাৰ ফ’ৰ্চৰ কেডাৰ - কেডাৰ আটক

সোমবাৰে ডিব্ৰুগড়ৰ শিয়ালকাটি চাহ বাগিচাৰ পৰা গোপন সূত্ৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে ‘‘আদিবাসী টাইগাৰ ফ’ৰ্চ’’ৰ দুজনকৈ কেডাৰ ৷ শীঘ্ৰেই সংগঠনটোৰ আন বহু সদস্য জালত পৰিব বুলি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে ৷

Adivasi Tiger Force's two terrorist arrest by Dibrugarh Police
ডিব্ৰুগড়ত দুজনকৈ আদিবাসী টাইগাৰ ফ’ৰ্চৰ কেডাৰ আটক
author img

By

Published : Sep 28, 2020, 10:41 PM IST

ডিব্ৰুগড়, 28 ছেপ্তেম্বৰ: এইবাৰ উজনি অসমত ‘‘আদিবাসী টাইগাৰ ফ’ৰ্চ’’ৰ উত্থান ৷ কৰ’ণা মহামাৰীৰ আতংকৰ মাজতে হঠাৎ শক্তিশালী হৈ পৰিছে চাহ জনগোষ্ঠীয় সহস্ত্ৰ সংগঠন আদিবাসী টাইগাৰ ফ’ৰ্চ । বাগানে বাগানে সংগঠনটোৱে অব্যাহত ৰাখিছে সাংগঠনিক কামকাজ । সোমবাৰে ডিব্ৰুগড়ৰ শিয়ালকাটি চাহ বাগিচাৰ পৰা গোপন সূত্ৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে চাবুৱা আৰক্ষীৰ সহযোগত সহস্ত্ৰ সংগঠনটোৰ দুজনকৈ কেডাৰ আটক কৰিবলৈ সক্ষম হয় ।

ডিব্ৰুগড়ত দুজনকৈ আদিবাসী টাইগাৰ ফ’ৰ্চৰ কেডাৰ আটক

সুশীল উৰাং আৰু চহৰাই উৰাং নামৰ কেডাৰ দুজনৰ পৰা এটা পইণ্ট 22 পিষ্টল আৰু সজীৱ গুলী জব্দ কৰিছে আৰক্ষীয়ে । ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক প্ৰতীক থো'বে এক সংবাদ মেলযোগে সদৰি কৰা অনুসৰি, অনাগত দিনত সংগঠনটোৱে বিভিন্ন কূটাঘাটমূলক কামৰ বাবে পৰিকল্পনা কৰি আছে ৷ শীঘ্ৰেই সংগঠনটোৰ আন বহু সদস্য জালত পৰিব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷

আনহাতে, ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা, সদৰ আৰক্ষী বিষয়া ৰাজীৱ শইকীয়া আৰু চাবুৱা আৰক্ষীয়ে আটকাধীন কেডাৰ দুজনৰ তদন্ত অব্যাহত ৰখাৰ লগতে আৰক্ষীয়ে বহু আপত্তিজনক তথ্য লাভ কৰিছে ৷

লগতে পঢ়ক: স্বয়ং মুখ্যমন্ত্ৰীৰ জনসভাতেই ভংগ হ'ল ক'ভিড প্ৰট'কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.