ডিব্ৰুগড়, 10 জুলাই : ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ নাহৰসাঁকোত শনিবাৰে সন্ধিয়া প্ৰতিবাদী ৰাইজে গ্ৰহণ কৰিছিল জোঁৰ সমদল কাৰ্যসূচী ৷ কাৰ্যসূচীত আৰক্ষী প্ৰশাসনে প্ৰতিবাদকাৰীক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । বিশেষকৈ মহিলা আৰক্ষী অবিহনে মহিলাৰ ওপৰত পুৰুষ আৰক্ষীয়ে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । সমগ্ৰ ঘটনা সন্দৰ্ভত দেওবাৰে সংবাদমেল সম্বোধন কৰিলে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই ।
উল্লেখ্য যে, সমষ্টি বিলুপ্তিকৰণৰ প্ৰতিবাদত শনিবাৰৰ সন্ধিয়া লাহোৱালৰ নাহৰসাঁকো গাঁৱত ৰাইজে উলিয়াইছিল জোঁৰ সমদল ৷ জোঁৰ সমদলক বাধা দিবৰ বাবে আৰক্ষীয়ে লাঠী চলোৱাৰ লগতে মহিলা প্ৰতিবাদকাৰীৰ গাত পুৰুষ আৰক্ষীয়ে হাত দিয়াৰ যি অভিযোগ উত্থাপন হৈছে সেই অভিযোগ দেওবাৰে এক সংবাদমেলযোগে ডিব্ৰুগড় আৰক্ষীয়ে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে । সংবাদমেল সম্বোধন কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই কয় যে প্ৰতিবাদকাৰীসকলে অনুমতি অবিহনে জোঁৰ সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল । জোঁৰ সমদলৰ কাৰ্যসূচীক বাধা দিবলৈ যাওঁতে আৰক্ষীৰ সৈতে হোৱা হতাহতিত কোনো প্ৰতিবাদকাৰীয়ে আঘাত পাব পাৰে ৷ কিন্তু কোনো পুৰুষ আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীৰ গাত হাত দিয়া নাই ।
তদুপৰি প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চালনাও হোৱা নাই বুলি কয় জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে । প্ৰতিবাদকাৰীসকলক আগুৱাই যোৱাত বাধা দিবলৈহে লাঠী ব্যৱহাৰ কৰা হৈছিল বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই জানিবলৈ দিয়ে । লগতে আৰক্ষীয়ে সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা অৰূপ দত্তক মাৰপিট কৰা আৰু নগদ ধন কাঢ়ি লোৱা অভিযোগৰ সত্যতা তদন্ত সম্পূৰ্ণ হোৱাৰ পিচতহে ওলাব বুলিও উল্লেখ কৰে ।
লগতে পঢ়ক : KRNSU formation in Chirang : চিৰাঙত জন্ম পালে আন এক ছাত্ৰ সংগঠনে