মৰাণ,১০ ফেব্ৰুৱাৰী: অসম আদৰ্শ গ্ৰাম যোজনা ২০২০-২১ৰ অধীনত ডিব্ৰুগড় জিলাৰ অভয়পুৰীয়া বঙালী গাঁৱক আদৰ্শ গাঁৱ হিচাপে স্থাপন কৰাৰ বাবে কাম আৰম্ভ কৰা হয় । আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত ৫০ লাখ টকাৰে উল্লেখনীয় ৭ টা আঁচনিৰ কামৰ বুধবাৰে শুভাৰম্ভ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।
ইফালে তিলৈ নগৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বঙালী গাঁৱক অসম চৰকাৰে আদৰ্শ গাঁৱলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াসত গাঁওবাসী আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে । যাৰ বাবে আনন্দিত ৰাইজে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক গায়ন-বায়নেৰে আগবঢ়াই নিয়ে ।
লগতে পঢ়ক:মৰাণৰ মাৰোৱাৰী যুৱ মঞ্চৰ কাৰ্য্যালয়ত বিনামূলীয়া ৰক্তদান শিবিৰ