মৰাণ,5 ডিচেম্বৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল হৈ পৰিছে সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চল । অনুৰূপ দাবীৰে অহা ৯ ডিচেম্বৰত পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই । বৃহস্পতিবাৰে মৰাণত অনুষ্ঠিত হোৱা এখন সংবাদমেলত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়াই এই কথা ঘোষণা কৰে । সভাপতি গৰাকীয়ে লগতে ঘোষণা কৰে যে বন্ধৰ সময়ত শিক্ষানুষ্ঠান, স্বাস্থ্য আদি অত্যাৱশ্যকীয় সেৱাসমূহ ৰেহাই দিয়া হ'ব উল্লেখ কৰি এই বন্ধক সমূহ অসমবাসী ৰাইজক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় । সংবাদমেলত ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জিতু শইকীয়া, সম্পাদক সঞ্জীৱ চুতীয়াকে ধৰি বহু কেইজন বিষয়-ববীয়া উপস্থিত আছিল ।
আৰু পঢ়ক সংগ্ৰামলৈ সাজু সদৌ অসম ছাত্ৰ সন্থা