ডিব্ৰুগড়, 30 ডিচেম্বৰ: চাহ মজদুৰ সকলৰ নূন্যতম ভাট্টা প্ৰদান ক্ষেত্ৰত বৰ্তমানৰ বিজেপি চৰকাৰখনে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ চাহ মজদুৰ সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধ কৰা দিশত চৰকাৰে কোনো গুৰুত্ব নিদিয়া লগতে চাহ মজদুৰ সকলৰ বছৰেকীয়া ভাট্টা প্ৰদান কৰাৰ ক্ষেত্ৰটো কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ ডিব্ৰুগড়ত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য প্ৰকাশ কৰে অসম চাহ মজদুৰ সংঘ সভাপতিৰ পৱন সিং ঘাটোৱাৰে ৷
সংবামেলত তেওঁ কয়,বৰ্তমানৰ ৰাজ্য চৰকাৰখনে আভুৱা ভৰা কথাৰে চাহ মজদুৰ সকলৰ লগত অন্যায় কৰি বছৰি হাজাৰ হাজাৰ কোটি টকা আত্মসাৎ কৰি আহিছে ৷ নিৰ্বাচনৰ সময়ত যিধৰণে অসম চাহ মজদুৰ সকলৰ ন্যূনতম প্ৰয়োজনীয়তাখিনি পূৰণৰ আশ্বাস প্ৰদান কৰে যদিও শাসন কালত সেই আশ্বাস কাৰ্যত প্ৰতিফলিত নহয় বুলি ক্ষোভ প্ৰকাশ কৰিছে ঘাটোৱাৰে ৷
ইফালে,চৰকাৰৰ ওচৰত বাৰে বাৰে দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধ কৰাৰ দাবী উত্থাপন কৰাৰ পাছতো চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাত পুণৰ ৰাজ্যত ভয়াবহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে চাহ মজদুৰ সংঘ সভাপতিৰ গৰাকীয়ে । তেওঁ কয়,ৰাজ্যৰ ভিন্ন জাতীয় দল সংগঠন লগত লগ হৈ অহা ১৮ জানুৱাৰীত ডিব্ৰুগড়ত শ্ৰমিক গৰ্জন কাৰ্যসূচীৰে চাহশ্ৰমিক সকলৰ ন্যূনতম প্ৰাপ্যৰ বাবে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব ৷
উল্লেখ্য যে,এই দিশত চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে অহা ৮ ফেব্ৰুৱাৰী পুনৰ লাখ লাখ চাহ শ্ৰমিকে দিছপুৰ চলৌ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে অসম চাহ মজদুৰ সংঘ সভাপতিৰ পৱন সিং ঘাটোৱাৰে ৷