ETV Bharat / state

ড৹ মিতালী কোঁ‌ৱৰৰ বিৰুদ্ধে সৰৱ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ - ডিব্ৰুগড়ত শিশু নিৰ্যাতনকাৰী

বিতৰ্কিত তথা নিলম্বিত অধ্যক্ষা ড৹ মিতালী কোঁ‌ৱৰৰ বিৰুদ্ধে কেইবাটাও দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে (ABVP)। মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে (ABVP) ৷

A_Moran_abvp-press-meet-against-dr-mitali-konwor_As10031
ড৹ মিতালী কোঁ‌ৱৰৰ বিৰুদ্ধে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সংবাদমেল
author img

By

Published : Jul 7, 2021, 4:13 PM IST

মৰাণ, 7 জুলাই : মৰাণ মহাবিদ্যালয়ৰ (Moran College) বিতৰ্কিত তথা নিলম্বিত অধ্যক্ষা ড৹ মিতালী কোঁ‌ৱৰৰ বিৰুদ্ধে কেইবাটাও দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে (ABVP)। মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে (ABVP) ৷ সংবাদমেলযোগে সংগঠনটোৱে কয় ড৹ মিতালী কোঁৱৰক মহাবিদ্যালয়খনৰ অধ্যক্ষা হিচাপে কেতিয়াও মানি লোৱা নহয় ৷ লগতে সংগঠনটোৱে মৰাণ মহাবিদ্যালয়ত (Moran College) মিতালী কোঁৱৰে অধ্যক্ষা হৈ থকা অৱস্থাত সংঘটিত কৰা দুৰ্নীতিসমূহ তথ্যসহ উদঙাই দিয়ে ৷

সংবাদমেলত সংগঠনটোৱে সদৰী কৰা অনুসৰি ড৹ মিতালী কোঁ‌ৱৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ অনুমতি অবিহনে দুগৰাকী ব্যক্তি সহায়ক নিয়োগ কৰিছিল । ইয়াৰে এগৰাকীক ২০১৮ চনৰ জানুৱাৰী মাহৰ পৰা প্ৰতিমাহে ৫০০০ টকাকৈ মুঠ ৫৫ হাজাৰ টকা আৰু আন গৰাকীক মাহে ৩০০০ টকাকৈ মুঠ ৪৩৯০০ টকা মহাবিদ্যালয় পুঁজিৰ পৰা দৰমহা দিছিল । এই দুয়োগৰাকী কৰ্মচাৰী মিতালী কোঁ‌ৱৰ নিলম্বনৰ পিছৰ পৰা কলেজত অনুপস্থিত আছে । সংগঠনটোৰ অন্য এক অভিযোগ অনুসৰি ড৹ মিতালী কোঁ‌ৱৰে মহাবিদ্যালয়খনৰ অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰতো দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰিছিল ।

বিশেষকৈ শ্ৰেণীকোঠা নিৰ্মাণৰ ক্ষেত্ৰত অধিক অনিয়ম সংঘটিত কৰিছিল অধ্যক্ষা ড৹ মিতালী কোঁৱৰে ।

ড৹ মিতালী কোঁ‌ৱৰৰ বিৰুদ্ধে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সংবাদমেল

ইয়াৰ বাবে অধ্যক্ষাগৰাকীয়ে ডিব্ৰুগড়স্থিত গণেশ এণ্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠানকে বাৰে বাৰে ঠিকা দিয়ে বুলি অভিযোগ উত্থাপন হৈছে ৷ কেৱল ইমানেই নহয়, মহাবিদ্যালয়খনৰ কম্পিউটাৰ শিক্ষা আৰু জেনেৰেটৰ ক্ৰয়ৰ ক্ষেত্ৰতো অনিয়ম সংঘটিত কৰিছে বুলি সংবাদমেলত উল্লেখ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে । উক্ত সংবাদমেলত ৰাজ্যিক যুটীয়া সম্পাদক খুনলাই মহন, মৰাণ নগৰ শাখা সম্পাদক প্ৰদ্যুৎ ফুকন, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰাণ মহাবিদ্যালয় গোটৰ ক্ৰমে ৰূপম কুমাৰ গগৈ আৰু ৰাজদ্বীপ বৰপাত্ৰ গোঁ‌হাইকে ধৰি সংগঠনটোৰ কেইবাজনো নেতা উপস্থিত থাকে ।

উল্লেখ্য যে, 31 আগষ্টত চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰী আৰু পত্নী তথা মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে তেওঁলোকৰ বাসগৃহত বনকৰা হিচাপে থকা এটি 12 বছৰীয়া কিশোৰৰ দেহত উতলা গৰম পানী ঢালি অকথ্য নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ শিশুটিয়ে নিজ মুখেৰে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছিল সেই কথা ৷ পৰৱৰ্তী সময়ত শিশু কল্যাণ সমিতিয়ে নিৰ্যাতনৰ বলি হোৱা শিশুটিক উদ্ধাৰ কৰি আৰক্ষীক সমগ্ৰ বিষয় উল্লেখ কৰি সেই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল ৷ তাৰ পাচতে ডিব্ৰুগড়ৰ পৰা পলায়ন কৰিছিল অভিযুক্ত দম্পতীয়ে ৷

অৱশেষত বিগত বৰ্ষৰ 5 ছেপ্তেম্বৰত আৰক্ষীৰ জালত পৰে অভিযুক্ত চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰী আৰু অধ্যাপিকা পত্নী ড৹ মিতালী কোঁৱৰ ৷ নগাঁও জিলাৰ ৰহা টোলগেটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োজন অভিযুক্তক ৷ AS-06 V-3839 নম্বৰৰ ইন'ভা বাহনেৰে ডিব্ৰুগড় অভিমুখে আহি থকাৰ সময়তে ৰহাত নগাঁও আৰু ডিব্ৰুগড় আৰক্ষীৰ এটা যৌথ দলে গ্ৰেপ্তাৰ কৰে দুয়ো অভিযুক্তক ৷

লগতে পঢ়ক- GMCH ত ২০০ খন ICU যুক্ত বিচনা মুকলি মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.