ডিব্ৰুগড়, 14 নৱেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা নিৰ্বাচনত ধূলিসাৎ হ'ল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP defeated in DUPGSU) । সভাপতি পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী পাৰ্থ সাৰথি গগৈ আৰু উপ-সভাপতি পদত বিজয়ী হ’ল প্ৰত্যুষ ৰাজকোঁৱৰৰ ।
ইফালে PNGBৰ সমৰ্থিত প্ৰাৰ্থী উজ্জ্বল অংকুৰে সাধাৰণ সম্পাদক পদত বিজয়ী হোৱাৰ বিপৰীতে সহকাৰী সম্পাদক পদত অংগনা বৰুৱাই জয়লাভ কৰে (AASU wins Dibrugarh university student union)। সাংস্কৃতিক সম্পাদক পদত জাহ্নৱী গগৈ, সাহিত্য আৰু সুকুমাৰ কলা সম্পাদক পদত অংকিতা দত্ত, তৰ্ক আৰু সম্পাদক পদত কল্যাণ দত্ত, সমাজসেৱা সম্পাদক পদত মহিমা তামাং, জিমনেছিয়াম পদত অনঞ্জয় মুছাহাৰীয়ে জয়লাভ কৰে ৷
আনহাতে আলোচনী সম্পাদকৰ পদত নিবেদিতা বৰুৱা, ভলীবল সম্পাদক পদত সুভ্ৰজিৎ বৰা, ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত মৃদুল ভূঞা, সাধাৰণ ক্ৰীড়া সম্পাদক পদত কণিকা গগৈ, সংগীত সম্পাদক পদত দিব্যজ্যোতি মিলি, ফুটবল সম্পাদক পদত কিশোৰ ৰঞ্জন গগৈ, ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত মৃদুল ভূঞা আৰু ছাত্ৰী আৰু জিৰণি কোঠা পদত নেহা খান বিজয়ী হয় ।
ইয়াৰ বিপৰীতে ABVPৰ সভাপতি পদৰ প্ৰাৰ্থী পেৰিপল হাজৰিকাই মুখথেকেচা খাবলগীয়া হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা নিৰ্বাচনত (Dibrugarh university student union election)।
উল্লেখ্য যে, যোৱা 11 নৱেম্বৰত ঘোষণা কৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলতো (Cotton university election result) গৰিষ্ঠ সংখ্যক পদ আছু সমৰ্থিত প্ৰাৰ্থীয়ে দখল কৰা দেখা যায় ৷ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি-সম্পাদককে ধৰি কেইবাটাও পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী জয় লাভ কৰে ।
লগতে পঢ়ক : Cotton University Election : আছুৰ দখলত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা