ETV Bharat / state

Moidams in Tingkhong: টিংখাঙৰ ঐতিহাসিক মৈদাম সংৰক্ষণ কৰি পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ দাবী তাই আহোম ছাত্ৰ সন্থাৰ - AATASU Demand to Save Moidams in Tingkhong

ঐতিহাসিক মৈদাম সংৰক্ষণ কৰি পৰ্যটন স্থলী হিচাপে গঢ়ি তুলিবলৈ দাবী তাই আহোম ছাত্ৰ সন্থাৰ ৷ আটাছু ডিব্ৰুগড় জিলা সমিতিৰ এটা প্ৰতিনিধি দলে টিংখাঙৰ ঐতিহাসিক মেচলৌ মৈদাম আৰু চাৰেং মৈদাম পৰিদৰ্শন কৰি এই দাবী উত্থাপন কৰে ৷

AATASU Demand to Save Moidams in Tingkhong
ঐতিহাসিক মৈদাম সংৰক্ষণ কৰি পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ দাবী
author img

By

Published : Jun 19, 2023, 9:43 PM IST

মৈদাম সংৰক্ষণৰ দাবী

ডিব্ৰুগড়, 19 জুন: ঐতিহাসিক তথা ৰজাদিনীয়া মৈদাম সংৰক্ষণ কৰি পৰ্যটন স্থলী হিচাপে গঢ়ি তুলিবলৈ দাবী তাই আহোম ছাত্ৰ সন্থাৰ ৷ ৰাজ্য চৰকাৰে ঐতিহাসিক ৰজা দিনীয়া সম্পদ সমূহ সংৰক্ষণ কৰি পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰিছিল যদিও সেই ঘোষণা আজিও কাৰ্যকৰী নহ'ল ৷ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে সংৰক্ষণৰ অভাৱত জহি খহি যাবলৈ ধৰিছে টিংখাঙত অৱস্থিত ঐতিহাসিক তথা ৰজাদিনীয়া মৈদাম সমূহ ৷

বেদখলৰ লগতে ক্ৰমাৎ নিঃশেষ হ'বলৈ ধৰা এই ঐতিহাসিক সম্পদ সমূহ সংৰক্ষণ কৰি পৰ্যটন স্থলী হিচাপে গঢ়ি তুলিবলৈ দাবী জনাইছে তাই আহোম ছাত্ৰ সন্থাই ৷ সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বুঢ়াগোহাঁই, কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈৰ নেতৃত্বত আটাছু ডিব্ৰুগড় জিলা সমিতিৰ এটা প্ৰতিনিধি দলে টিংখাঙৰ ঐতিহাসিক মেচলৌ মৈদাম আৰু চাৰেং মৈদাম পৰিদৰ্শন কৰি এই দাবী উত্থাপন কৰে ৷

তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে দাবী কৰে যে চাৰেং অঞ্চলত বৰ্তমান 13 টাকৈ সৰু-বৰ মৈদাম আছে ৷ কিন্তু দুৰ্ভাগ্যজনক ভাৱে ঐতিহাসিক এই চাৰেং মৈদাম সমূহ কিছু লোকে বে- দখল কৰি চাহ বাগিচা স্থাপন কৰিছে ৷ ঐতিহাসিক সম্পদ সমূহ সংৰক্ষণৰ অভাৱত নিঃশেষ হৈ যাবলৈ ধৰাৰ বাবে দুখ প্ৰকাশ কৰে আটাছুৰ নেতৃত্বই ৷ সেইবাবে এই সৈদাম কেইটা তাৎক্ষণিকভাৱে বেদখল মুক্ত কৰি, উপযুক্তভাৱে সংৰক্ষণ তথা সৌন্দৰ্যবৰ্ধন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় সংগঠনটোৱে ৷

টিংখাং সমষ্টিৰ এজন সক্ৰিয় প্ৰভাৱশালী মন্ত্ৰী তথা বিধায়ক থকাৰ পিছতো এই সম্পদ সমূহ এইদৰে থকাতো দুৰ্ভাগ্যজনক বুলি মত পোষণ কৰে আটাছু কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বুঢ়াগোহাঁইয়ে ৷ এই ঐতিহাসিক সম্পদ সমূহ সংৰক্ষণৰ ব্যৱস্থা কৰি পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিবলৈ আহ্বান জনাই আটাছুৰ প্ৰতিনিধি দলটোৱে ৷

লগতে পঢ়ক : Adarsha Vidyalaya in Tinsukia: তিনিচুকীয়াত একেদিনাই কেইবাখনো আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.