ETV Bharat / state

ঐতিহাসিক সমল সংৰক্ষণৰ দাবীত আটাছুৰ বৈঠক

author img

By

Published : Sep 12, 2021, 2:18 PM IST

চৰকাৰী অনিহাৰ বাবে সম্প্ৰতি সংৰক্ষণৰ অভাৱত জহি-খহি ধ্বংসৰ গৰাহত পৰিছে বহু ঐতিহাসিক সমল ৷ ডিব্ৰুগড়ৰ ঐতিহাসিক সমলসমূহ সংৰক্ষণৰ দাবীত শনিবাৰে জিলা উপায়ুক্তৰ সৈতে আলোচনাত মিলিত হয় টাই আহোম ছাত্ৰ সন্থা ।

AATASU attended an important meeting with Deputy commissioner of Dibrugarh
ডিব্ৰুগড়ৰ ঐতিহাসিক সমল সংৰক্ষণৰ দাবীত জিলা উপায়ুক্তৰে বৈঠক আটাছুৰ

মৰাণ, 12 ছেপ্টেম্বৰ : ডিব্ৰুগড় জিলাত বহু ৰজাদিনীয়া ঐতিহাসিক সমল সংৰক্ষণৰ অভাৱত ধ্বংসৰ গৰাহত পৰিছে । ৰাজ্য চৰকাৰে ঐতিহাসিক সমলসমূহ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰি এই স্থানসমূহক পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ'ব বুলি কৈ থকা সময়তে খোদ পৰ্যটন মন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়তে জহি-খহি গৈছে বহু ঐতিহাসিক সমল ।

সেয়ে ডিব্ৰুগড়ৰ ঐতিহাসিক সমলসমূহ সংৰক্ষণৰ দাবীত শনিবাৰে জিলা উপায়ুক্তৰ সৈতে আলোচনাত মিলিত হয় টাই আহোম ছাত্ৰ সন্থা । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত পুৰাতাত্ত্বিক স্থান স্মৃতি সৌধসমূহৰ সংৰক্ষণ তথা সংৰক্ষণৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।

জিলা উপায়ুক্তগৰাকীয়ে জিলাখনৰ অন্তৰ্গত পুৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ চিনাক্তকৰণ তথা সংৰক্ষণৰ সন্দৰ্ভত এক বিশদ আলোচনা কৰে । উপায়ুক্ত পল্লৱ গোপাল ঝাই বৰবৰুৱাস্থিত স্মৃতিসৌধসমূহৰ সংৰক্ষণৰ কামসমূহ অক্টোবৰ মাহৰ ভিতৰত আৰম্ভ কৰিবলৈ পুৰাতাত্বিক বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : মাজুলীত দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে: জুৰি বৰা বৰগোহাঞি

পশ্চিম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অপূৰ্ব নাথক এইক্ষেত্ৰত পুৰাতাত্বিক বিষয়াগৰাকীক পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ উপৰিও স্মৃতিচিহ্নসমূহৰ চিনাক্ত কৰি তালিকা প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়ে । ইয়াৰ উপৰিও আটাছুৰ বিষয়ববীয়াসকলে খোৱাং অঞ্চলৰ কেইটিমান ঐতিহাসিক সম্পদৰ বিৱৰণ আৰু সংৰক্ষণৰ বাবে জিলা প্ৰশাসনক আবেদন জনায় ।

উপায়ুক্তগৰাকীয়ে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে আটাছুৰ প্ৰতিনিধিৰ দলটোক ৷ উক্ত সভাত জিলা উন্নয়ন আয়ুক্ত পাৰ্থপ্ৰতিম বৈৰাগী, সহকাৰী আয়ুক্ত হেমা নায়ক, ডিব্ৰুগড় সুৰজমল কানৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ আৰু নৃতত্ব বিভাগৰ প্ৰবক্তাসকল আৰু আটাছুৰ জিলা সভাপতিৰ লগতে সংগঠনটোৰ বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক : মাজনী ৰেষ্টুৰেণ্টলৈ আহি হতবাক হ’ল আৰক্ষী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.