ডিব্ৰুগড়,4 মাৰ্চঃ এইবাৰ অখিল গগৈৰ পক্ষত আছু ৷ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ চৰকাৰলৈ কঠোৰ সকিয়নী ৷ কাৰাবন্দী অখিল গগৈৰ স্বাস্থ্যৰ যত্ন লোৱাত চৰকাৰৰ সদিচ্ছাৰ অভাৱ দেখা গৈছে ৷ এজন কাৰাবন্দীক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰাতো মানৱ অধিকাৰ খৰ্ব হোৱা কাৰ্য বুলিও অভিহিত কৰে লুৰিণজ্যোতি গগৈয়ে ৷
উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা কাৰাগাৰৰ ভিতৰতে স্বাস্থ্যৰ অধিক অৱনতি ঘটে কৃষক নেতা অখি গগৈৰ ৷ ইয়াকে লৈ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদৰ মাজতেই বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাই নিজৰ প্ৰতিক্তিয়া ব্যক্ত কৰে ৷ অখিল গগৈক অতি শীঘ্ৰে উন্নত চিকিৎসা প্ৰদানৰ দাবী উৎথাপন কৰে ৰাজ্যৰ অন্যতম শক্তিশালী ছাত্ৰ সংগঠনটোৰ নেতৃবৃন্দই ৷
লগতে পঢ়ক-অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি