মৰাণ, 5 ফেব্ৰুৱাৰী : অইলৰ পৰীক্ষাত চক্ৰান্তমূলক ভাৱে বহিৰাগত প্ৰাৰ্থীক অংশ ল'বলৈ দিয়াক কেন্দ্ৰ কৰি এতিয়া ক্ষোভ প্ৰকাশ কৰিছে আছুৱে(AASU against Oil India Recruitment 2022) ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা অইল ইণ্ডিয়া লিমিটেডৰ লিখিত পৰীক্ষাত মোবাইলে মোবাইলে প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে শুক্ৰবাৰে অনুষ্ঠিত হোৱা পৰীক্ষাত বহিৰাগত প্ৰাৰ্থীৰ প্ৰৱেশক লৈ ক্ষোভ প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ।
এই সন্দৰ্ভত আছুৱে কয় যে, "অসমৰ বাহিৰৰ প্ৰাৰ্থী আহি অইলৰ পৰীক্ষাত বহিছে (AASU reacts on OIL recruitment examination) । অইলত অসমৰ ৰাইজৰ তেজ জড়িত হৈ আছে । এই উদ্যোগটো স্থাপনৰ ক্ষেত্ৰত অসমৰ ৰাইজৰ অৱদান আছে । তেনে এটা উদ্যোগত বহিৰাগত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াটো কোনো পধ্যেই মানি লোৱা নহ'ব ।"
উল্লেখযোগ্য যে, অইল ইণ্ডিয়া লিমিটেডৰ ৩৩৫ টা কাৰিকৰী পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছে ৷ আনহাতে এই পদসমূহৰ বাবে অইলৰ খনন আৰু উৎপাদন এলেকাৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ ,শিৱসাগৰ আৰু অৰুণাচল প্ৰদেশৰ দুখন জিলাৰ পৰাহে আবেদন কৰিব পাৰিব বুলি বিজ্ঞাপনত প্ৰকাশ পাইছিল ৷
কিন্তু চক্ৰান্তমূলক ভাৱে বহিঃ ৰাজ্যৰ প্ৰাৰ্থীক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সুবিধা কৰি দিয়াত সচেতন ৰাইজৰ লগতে আছুৱে ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। আজি আছু কৰ্মীসকলে পৰীক্ষাত অংশ ল'বলৈ অহা বহিৰাগত পৰীক্ষাৰ্থীক লাহোৱালত বাধা প্ৰদান কৰা পৰিলক্ষিত হয়।আনহাতে অইলে যি অসমীয়া নিবনুৱা সকলক প্ৰৱঞ্চনা কৰা কাণ্ড সংঘটিত কৰিলে তাক লৈ ক্ষোভ প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহঃ সম্পাদক ৰাহুল কোঁৱৰে । লগতে অইল ইণ্ডিয়া কৰ্তৃপক্ষক এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় ছাত্ৰনেতা গৰাকীয়ে(AASU's request to Oil India authorities) ।
লগতে পঢ়ক : গাড়ীৰ নিবিদাৰ নামত অইলৰ বিৰুদ্ধে ব্যাপক কেলেংকাৰীৰ অভিযোগ